ETV Bharat / state

চুবুৰীয়া ৰাজ্য সৈতে থকা সীমা বিবাদৰ সমাধান সূত্ৰ উলিয়াব অমিত শ্বাহে

চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ সীমা সমস্যা সমাধানৰ বাবে ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে আলোচনাত মিলিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী মিত শ্বাহ । দেওবাৰে ৰাজ্যৰ বনমন্ত্রী পৰিমল শুক্লবৈদ্যই জানিবলৈ দিয়ে এই কথা ।

author img

By

Published : Jul 4, 2021, 10:05 PM IST

Assam Mizoram border  Assam Nagaland border
চুবুৰীয়া ৰাজ্য সৈতে থকা সীমা বিবাদৰ সমাধান সূত্ৰ উলিয়াব অমিত শ্বাহে

লখিমপুৰ, 7 জুলাই : দীৰ্ঘদিন ধৰি চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে চলি থকা সীমা বিবাদে অসমৰ সীমান্তৱৰ্তী জিলা সমূহৰ ৰাইজক অকল ক্ষতিগ্ৰস্ত কৰাই নহয় সময়ে সময়ে প্ৰাণৰ আশংকাতো পেলাইছে ৷ বিশেষকৈ অসম অৰুণাচল সীমান্ত(Assam Arunachal border), অসম নাগালেণ্ড সীমান্ত , অসম মিজোৰাম সীমান্ত এই সীমা বিবাদৰ বাবেই অশান্ত হৈ পৰিছে ৷ একেইখন ভাৰতবৰ্ষৰ অংগ ৰাজ্য হোৱা সত্বেও সীমা বিবাদৰ বাবেই এই ৰাজ্যসমূহৰ সীমান্তত প্ৰায়েই সৃষ্টি হৈ আহিছে যুদ্ধ-সদৃশ পৰিস্থিতিৰ ৷

শেহতীয়াকৈ পুনৰ অশান্ত হৈ পৰা হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্ত(Assam Mizoram border), লখিমপুৰ জিলাৰ ঠাইয়ে ঠাইয়ে হোৱা অৰুণাচলীৰ অগ্ৰাসন নাইবা আগ্ৰাসী নগাই অসমৰ বিধায়কক আক্ৰমণ কৰাৰ ঘটনাই চিন্তিত কৰি তুলিছে ৰাজ্যৰ সচেতন মহলক ৷ এনে সময়তে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ।

দেওবাৰে, ৰাজ্যৰ আৱকাৰী, মীনপালন আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই লখিমপুৰ ভ্ৰমণ কৰি জানিবলৈ দিয়ে যে, অচিৰেই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে(Union Home Minister Amit Shah) সীমা বিবাদ(border conflict)ৰ সমস্যা থকা উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্রী সকলক লৈ মেঘালয়ত এক আলোচনাত মিলিত হ’ব আৰু দীৰ্ঘদিনীয়া এই সমস্যা সমাধানৰ প্ৰয়াস কৰিব ।

ইয়াৰ লগতে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মন্তব্য কৰে যে, এই সমস্যা সমাধানৰ হকে দেশৰ পূৰ্বৰ কোনো এখন চৰকাৰে উদ্যোগ গ্রহণ কৰা নাছিল ৷ কিন্তু বৰ্তমানৰ চৰকাৰে এই ক্ষেত্ৰত ব্যতিক্ৰমী পদক্ষেপ গ্রহণ কৰিছে । লখিমপুৰ জিলাত বেদখলৰ কবলত পৰা ৫ খনকৈ বনাঞ্চল বেদখল মুক্ত কৰাৰ কথাও উল্লেখ কৰি বিশেষকৈ, বেদখলৰ প্ৰকোপত ইতিমধ্যেই নিঃশেষ হৈ পৰা জিলাখনৰ পাভ বনাঞ্চলৰ ভূমি নতুনকৈ জৰীপ কৰি বনাঞ্চলখন পুনৰুদ্ধাৰ কৰা হ’ব বুলিও কয় মন্ত্ৰী গৰাকীয়ে ।

আনহাতে, অৰুণাচলী আৰু সন্দেহজনক লোকে অবৈধভাৱে দখল কৰা সংৰক্ষিত বনাঞ্চল সমূহ অতি সোনকালে বেদখল মুক্ত কৰা হ’ব বুলিও কয় মন্ত্ৰী গৰাকীয়ে । ৰাজ্যৰ আৱকাৰী বিভাগৰো দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে অৰুণাচলী সুৰা, চুলাই আদিৰ অবাধ প্ৰচলন ৰোধ কৰাৰ বাবেও উপায়ুক্ত তথা আৰক্ষী অধীক্ষকক প্ৰয়োজনীয় নিৰ্দেশ দিয়া বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ।

লখিমপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বন বিভাগ, আৱকাৰী আৰু মীন পালন বিভাগৰ জিলা উচ্চ পদস্থ বিষয়া সকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হৈ শুক্লবৈদ্যই জিলাখনৰ উন্নয়নৰ খতিয়ান লয় । ইয়াৰ পিছতে, মন্ত্ৰী গৰাকীয়ে সাংবাদিকক সম্বোধন কৰি কয় যে, বৰ্তমান চৰকাৰে বন আৰু মীনপালনৰ উন্নয়নৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰিছে । নতুনকৈ বনানীকৰণ কৰি সুজলা সুফলা অসম গঢ়াৰ বাবে বিভিন্ন আচঁনি হাতত লৈছে ।

লগতে পঢ়ক : অইলৰ নিযুক্তিত 4 জিলাৰ প্ৰাৰ্থীক প্ৰাধান্য: আলফা(স্বা)ৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.