ETV Bharat / state

লখিমপুৰৰ ফুলবাৰীৰ এটা গড়কাপ্তনিক পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি

author img

By

Published : Aug 19, 2022, 4:47 PM IST

অনিয়ম আৰু দুৰ্নীতিৰে পুষ্ট এটা গড়কাপ্তানিক পথ ৷ যিটো পথৰ বাবে প্ৰতিদিনে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ ৰাইজ ৷ বিভাগীয় বিষয়া তথা ঠিকাদাৰৰ হেমাহিৰ বাবে আজিও অৰ্ধ নিৰ্মিত হৈ পৰি ৰৈছে লখিমপুৰ জিলাৰ ফুলবাৰীৰ এই বিশেষ পথচোৱা ৷ এই অভিযোগ অঞ্চলবাসীৰ (Allegation of corruption in road construction in Lakhimpur) ৷

Allegation of corruption in road construction in Lakhimpur
অনিয়ম আৰু দুৰ্নীতিৰে পুষ্ট এটা গড়কাপ্তানিক পথ

লখিমপুৰ, ১৯ আগষ্ট : লখিমপুৰ জিলাৰ ফুলবাৰীৰ এটা গড়কাপ্তনিক পথ (Corruption in road construction)৷ যিটো পথে জ্বলা-কলা খোৱাইছে অঞ্চলটোৰ ৰাইজক ৷ বিভাগীয় বিষয়া তথা ঠিকাদাৰৰ হেমাহিৰ বাবে আজিও অৰ্ধ নিৰ্মিত হৈ পৰি ৰৈছে এই পথচোৱা ৷ যাৰ ফলত সেই অঞ্চলটোত সঘনে সংঘটিত হৈ আহিছে বহুকেইটা সৰু বৰ দুৰ্ঘটনা ৷ এই অভিযোগ অঞ্চটোৰ ৰাইজৰ ৷

ৰাইজে উল্লেখ কৰা অনুসৰি, এই পথচোৱাৰ নিৰ্মাণৰ দায়িত্বত আছে অভিযন্তা ৰূপম কাকতি আৰু ঠিকাদাৰ প্ৰবীণ দিহিংগীয়া ৷ পথচোৱা ভালদৰে মেৰামতিৰ বাবে অঞ্চলটোৰ ৰাইজে বহুবাৰ দায়িত্বত থকা ঠিকাদাৰ আৰু অভিযন্তাগৰাকীক আবেদন-নিবেদন কৰিছিল ৷ কিন্তু ৰাইজৰ কোনো কথালৈয়ে যেন ভ্ৰূক্ষেপ নাই দায়িত্বত থকা বিষয়-ববীয়াৰ ৷

লখিমপুৰৰ ফুলবাৰীৰ এটা গড়কাপ্তনিক পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি

সংবাদ মাধ্যমৰ আগত এই অভিযোগ তৰিছে অঞ্চলটোৰ ৰাইজে (Allegation of corruption in road construction in Lakhimpur) ৷

অঞ্চলটোৰ ৰাইজে উল্লেখ কৰা মতে, লখিমপুৰ জিলাৰ ফুলবাৰীৰ পথৰ নামত আৱন্টিত হৈছিল 1 কোটি 64 লাখ 33 হাজাৰ টকা ৷ কিন্তু সেই টকাৰ সঠিক ব্যৱহাৰ নোহোৱাৰো অভিযোগ তৰিছে অঞ্চলটোৰ লোকে ৷ শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই যদিহে এই পথচোৱা মেৰামতি কৰি নিদিয়ে, তেন্তে অনাগত সময়ত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে অঞ্চলবাসীয়ে ৷

লগতে পঢ়ক : কলগাছিয়াত ৭৫ সংখ্যক স্বাধীনতাৰ বৰ্ষপূৰ্তি উপলক্ষে পথ মেৰামতি ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.