ETV Bharat / state

Bihpuria Corruption: স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণত ব্যাপক কেলেংকাৰীৰ অভিযোগত উত্তাল বিহপুৰীয়া

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 11:21 AM IST

বিহপুৰীয়াৰ বাঁহগড়াত স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণত ব্যাপক কেলেংকাৰী ৷ নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ ৷

Bihpuria Corruption
স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণত ব্যাপক কেলেংকাৰীৰ অভিযোগেৰে উত্তাল বিহপুৰীয়া

বিহপুৰীয়া, 7 ছেপ্টেম্বৰ: লখিমপুৰৰ বিহপুৰীয়াৰ বাঁহগড়াত ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰ নিৰ্মাণত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ ৷ প্ৰায় দুই কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা হৈছে ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ নৱনিৰ্মিত গৃহ ৷ কিন্তু স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণত ব্যাপক কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম দেউৰী ছাত্ৰ সন্থাই ৷

ছাত্ৰ সংগঠনটোৰ অভিযোগ অনুসৰি বাঁহগড়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ নিৰ্মাণৰ নামত আৱন্টন হৈছিল দুই কোটিৰো অধিক টকা ৷ কিন্তু স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছে ঠিকাদাৰে ৷ বিভাগীয় ঠিকাদাৰে অধিক মুনাফা লাভৰ বাবে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ সমান্তৰালভাৱে অনভিজ্ঞ মিস্ত্ৰীৰ দ্বাৰা স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ কৰিছে । যাৰ পৰিনতিত স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণত হোৱা দুৰ্নীতিসমূহ জলজল-পটপট হৈ পৰিছে ।

উল্লেখ্য যে, বানবিধস্ত অঞ্চল বাঁহগড়াত এখন উন্নত সুবিধা থকা স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণৰ বাবে দাবী জনাই আহিছিল দেউৰী ছাত্ৰ সন্থাই ৷ দীৰ্ঘদিনে দাবী কৰা বিষয়টো প্ৰতি সন্মান জনাই সেই সময়ৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতি দিছিল ৷ সেই প্ৰতিশ্ৰুতি অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালে সেই সময়ত প্ৰায় 2 কোটি টকাৰ অনুমোদন দিছিল ৷ তাৰ পিচতে নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ৷ কিন্তু বৰ্তমান স্বাস্থ্য কেন্দ্ৰৰ নিৰ্মাণৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হৈছে ৷ সেয়ে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক গ্ৰেপ্তৰাৰ দাবী তুলিলে ছাত্ৰ সংগঠটোৱে ৷ যদিহে তদন্ত কৰি দোষীক শাস্তি প্ৰদান নকৰা পৰ্যন্ত তীব্ৰ প্ৰতিবাদৰ হুংকাৰ দেউৰী ছাত্ৰ সন্থাৰ ৷

লগতে পঢ়ক: Arjun Bhanjan Nat: নাৰায়ণপুৰৰ শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ মুকলি মঞ্চত প্ৰদৰ্শিত হ’ল অৰ্জ্জুন ভঞ্জন নাট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.