নাওবৈচা, ১৭ ফেব্ৰুৱাৰী : মিচিং সকলৰ হেঁপাহৰ উৎসৱ আলি-আয়ে-লৃগাং ৷ লৃগাঙক নাওবৈচাৰ সোৱণশিৰি আৰু ৰঙানদীৰ পাৰত সৃষ্টি হৈছে এক উখল-মাখল পৰিৱেশ ৷ ঐনিতমৰ সুৰ গুমৰাগৰ চন্দত মুখৰিত হৈছে আকাশ-বতাহ ৷
কৃষি ভিত্তিক উৎসৱ আলি-আয়ে-লৃগাঙক কেন্দ্ৰ কৰি এক প্ৰকাৰে বৰ্ণিল হৈ পৰিল ফাগুনৰ প্ৰথমটো বুধবাৰ ৷ কণমানিজনীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ মহিলাও নানা ৰঙী পৰম্পৰাগত সাজপাৰ পৰিধান কৰি গুমাৰাগ নৃত্য পৰিৱেশনেৰে আনন্দত আত্মহাৰা হোৱা পৰিলক্ষিত হ'ল ৷
নাওবৈচাৰ প্ৰায় ১৫ খনৰো অধিক মিচিং গাঁৱত পৰম্পৰাগত ৰীতি-নীতিৰে অনুষ্ঠিত কৰিলে এই উৎসৱ ৷ এই উৎসৱৰ দিনটোতে আৰম্ভ কৰিলে শস্য সিঁচা পৰ্ব ৷ এই আনন্দ উৎসৱৰ মাজতেই সকলোৱে জুতি ললে পৰম্পৰাগত পানীয়ৰ লগতে খাদ্যবস্তুৰ ৷
লগতে পঢ়ক : সোণাৰী মিচিং গাঁৱত এইবেলি উদযাপন নহয় আলি আয়ে লৃগাং