নাওবৈচা, 13 জুন : লখিমপুৰ জিলাৰ দক্ষিণ নাওবৈচাৰ প্ৰলয়ংকৰী বানৰ বাবে বন্যাৰ্তৰ দুখৰ অন্ত পৰা নাই ৷ বানাক্ৰান্ত ৰাইজে বৰ্তমান এসাঁজ খাই এসাঁজ লঘোণে থাকি অতি যন্ত্ৰণাকাতৰভাৱে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ৷ লখিমপুৰ তথা স্থানীয় প্ৰশাসনে যোৱা পোন্ধৰটা দিনত মাত্ৰ এবাৰ বান সাহায্য প্ৰদান কৰিয়েই দায়িত্ব সামৰাৰ পাছত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি কৰি থাকিবলগীয়া হৈছে দক্ষিণ নাওবৈচাৰ বানাক্ৰান্ত ৰাইজে ৷ চৰকাৰ প্ৰশাসনে এইসকল ৰাইজলৈ পিঠি দিয়াৰ বিপৰীতে বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈ কিছু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰি মহানুভৱতাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাওবৈচা আঞ্চলিক সমিতিৰ কৰ্মীসকলে ৷
শনিবাৰে অঞ্চলটোৰ শিঙৰা বানে বিধ্বস্ত কৰা গোঁসানীবাৰী, চেঙেলীজান আৰু গেলাহাটী গাঁৱৰ প্ৰায় 150 টা পৰিয়ালক চাউল, দালি, মিঠাতেল, নিমখ, আলুৰ একোটা খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে ছাত্ৰকৰ্মীসকলে ৷ লগতে যদি অতি শীঘ্ৰে বানাক্ৰান্তক সাহায্য সামগ্ৰী প্ৰদান কৰাৰ লগতে চৰকাৰ তথা লখিমপুৰ জিলা প্ৰশাসনে বৃহৎ বান সমস্যাটো সমাধান কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ’লে অনাগত সময়ত বানাক্ৰান্তৰ সহযোগত ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ছাত্ৰ কৰ্মীসকলে ৷ লগতে শিঙৰা নদীৰ দীৰ্ঘদিনীয়া বান সমস্যা সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে সংগঠনৰ সদস্যসকলে ৷
উক্ত বান সাহায্য বিতৰণ কাৰ্যসূচীত যুৱ ছাত্ৰ পৰিষদৰ নাওবৈচা আঞ্চলিক সমিতিৰ সভাপতি দীপাংকৰ গগৈ, সম্পাদক বিশ্ব গোঁহাইকে ধৰি কেইবাজনো ছাত্ৰ কৰ্মীয়ে সহযোগিতা আগবঢ়ায় ৷ উল্লেখ্য যে, যোৱা পোন্ধৰটা দিনে শিঙৰা নদীৰ প্ৰলয়ংকৰী বানে দক্ষিণ নাওবৈচাৰ 30 খনতকৈ অধিক গাঁৱৰ প্ৰায় 50 হাজাৰ জনসাধাৰণৰ অন্ন-বস্ত্ৰ, বাসস্থান নিশেষ কৰি এক বিভীষিকা সৃষ্টি কৰিছে ৷