লখিমপুৰ,৭ ছেপ্তেম্বৰ: লখিমপুৰত সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ । প্ৰতিবাদী সমদলেৰে কপালে লখিমপুৰৰ আকাশ বতাহ । বুধবাৰে দুপৰীয়া নিৰ্মাণ শ্ৰমিক সন্থাৰ জিলা কাৰ্যালয়ৰ পৰা শ্ৰম বিষয়াৰ কাৰ্যালয়লৈ বাহিৰ কৰে এক প্ৰতিবাদী সমদল(AITUC protests with different demands) । কেন্দ্র তথা ৰাজ্য চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে ক্ষোভ উজাৰি ধৰ্ণা দিয়ে প্ৰতিবাদকাৰীসকলে ।
প্ৰতিবাদকাৰীসকলে নিৰ্মাণ শ্ৰমিকৰ কল্যাণ বৰ্ড ৰক্ষা কৰা, সকলো বকেয়া সময় মতে আদায় দিয়া, শ্ৰমিকৰ পেন্সন ৭৫০০ লৈ বৃদ্ধি কৰা আদি ১১ দফীয়া দাবী লৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । এই দাবী সমূহ অতি শীঘ্ৰে পূৰণ কৰাৰ দাবী উত্থাপন কৰি সন্থাই জিলা শ্ৰম বিষয়াৰ জৰিয়তে ৰাজ্যৰ শ্ৰম আয়ুক্তলৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ(AITUC sends memorandum to Labour Commissioner) ।
লগতে পঢ়ক: গুৱাহাটীৰ যোৰাবাটত এনকাউণ্টাৰ: নিহত দুৰ্ধৰ্ষ ডকাইত