নাওবৈচা, 25 মে': শিঙৰা নদীৰ বাঁওপাৰৰ উন্মুক্ত মথাউৰি নিৰ্মাণ নকৰাৰ কৰুণ পৰিণতি ৷ বাৰিষাৰ প্ৰথমটো বানৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে লখিমপুৰৰ বিস্তীৰ্ণ অঞ্চল ৷ নাওবৈচাত শিঙৰা নদীৰ প্ৰথমটো বানত বুৰ গৈছে হাজাৰ হাজাৰ বিঘা বড়ো ধানৰ খেতি ৷ যাৰ বাবে নাওবৈচাৰ গোসাঁনীবাৰী, গেলাহাটী, বৰপথাৰ, আহোমণি, শিঙৰা গাঁও, গড়ছিগা, শালমৰাকে ধৰি 20 খন গাঁৱৰ কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা ৷ বছৰৰ একমাত্ৰ জীৱিকাৰ থল বড়োধানৰ খেতি পথাৰসমুহ এনেকৈ বানে অনিষ্ট কৰাত এতিয়া মূৰে কপালে হাত দিব লগীয়া হৈছে বানাক্ৰান্ত গাঁও কেইখনৰ শ শ কৃষকে ৷
অভিযোগ অনুসৰি, লখিমপুৰ জিলা প্ৰশাসন তথা জলসম্পদ বিভাগে শিঙৰা নদীত বান প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ বিজ্ঞানসন্মত আঁচনি ৰূপায়ন নকৰাৰ বাবেই এইদৰে বানত বুৰ গৈছে অঞ্চল কেইটাৰ বিস্তীৰ্ণ কৃষিভূমি ৷ জল সম্পদ বিভাগৰ অমনোযোগিতা আৰু অৱহেলাৰ বাবেই প্ৰতিবছৰে নদীখনৰ সংহাৰী বানে ৰাইজৰ মাজত সৃষ্টি কৰি আহিছে বিভীষিকাৰ ৷ উল্লেখ্য যে, বাৰিষাৰ সময়ত নদীখনৰ সংহাৰী বানৰ বাবে শালি খেতি কৰিব নোৱাৰাৰ ফলত অঞ্চলটোৰ ৰাইজে খৰালিৰ সময়ত হাজাৰ হাজাৰ বিঘা বড়ো ধানৰ খেতিৰে কৰি জীৱন নিৰ্বাহ কৰিব লগা হয় ৷
কিন্তু এইবাৰৰ বড়ো ধানৰ খেতি বৰ্তমান পানীৰ তলত থকাৰ বাবে কৃষক সকলৰ মাজত সৃষ্টি হৈছে পানীত হাঁহ নচৰা অৱস্থাৰ ৷ ৰাইজৰ অভিযোগ এনেদৰে হাজাৰ হাজাৰ বিঘা বৰো ধানৰ খেতি বানত বুৰ যোৱাৰ মূলতে হ'ল লখিমপুৰৰ জলসম্পদ বিভাগ ৷ বিভাগটোৱে খৰালিৰ সময়ত নদীখনৰ বান সমস্যাটো সমাধান নকৰাত বৰষুণৰ ফলত আবদ্ধ হৈ পৰা পানীয়ে পাকিবলৈ ধৰা বড়ো ধানসমূহ ডুবাই পেলায় ৷ উল্লেখনীয় যে, বিগত বৰ্ষটো উক্ত অঞ্চল কেইটাত নদীখনে সৃষ্টি কৰিছিল বান বিভীষিকা ৷ উপায়ন্তৰ হোৱা কৃষক সকলে এতিয়া চৰকাৰলৈ সহায়ৰ আহ্বান জনাইছে ৷
লগতে পঢ়তেঃ বিমানযাত্ৰীক আদৰিবলৈ সাজু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ