ETV Bharat / state

লখিমপুৰত বলবৎ সাদিনীয়া লকডাউন

author img

By

Published : Jul 7, 2021, 9:43 PM IST

বুধবাৰৰ পৰা সাত দিনৰ বাবে সম্পূর্ণ লক ডাউন (lockdown) লখিমপুৰ জিলাত । লক ডাউন নমনা লোকৰ বিৰুদ্ধে সস্তম হৈ পৰিছে আৰক্ষী ৷

Again  lockdown in  Lakhimpur District  from today
লখিমপুৰত আজিৰে পৰা বলবৎ সাদিনীয়া লকডাউন

লখিমপুৰ, 7 জুলাই : বুধবাৰৰ পৰা ৰাজ্যত জাৰি হৈছে নতুন এছ অ’ পি (SOP) ৷ এই এছ অ’ পি (SOP) অনুসৰি ৰাজ্যৰ 7 খন জিলাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জ‘ন (Full Containment Zone) হিচাপে ঘোষণা কৰা হৈছে ৷ এই জিলাকেইখন ক্ৰমে- গোৱালপাৰা, গোলাঘাট, শোণিতপুৰ, লখিমপুৰ, বিশ্বনাথ, যোৰহাট আৰু মৰিগাঁও ৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Keshab Mahanta) মঙলবাৰে জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি ঘোষণা কৰা নতুন এছ অ’ পি (SOP) মতে এই 7 খন জিলাত 24 ঘণ্টাই অব্যাহত থাকিব সান্ধ্য আইন ৷

ৰাজ্যৰ 7 খন জিলাৰ ভিতৰত লখিমপুৰ জিলাতো বুধবাৰৰ পৰা আৰম্ভ হৈছে সাদিনীয়া লকডাউন । মঙলবাৰে ঘোষণা কৰা নতুন এছ অ পি (SOP) মতে সম্পূর্ণ লকডাউন ঘোষণা কৰা হৈছে জিলাখনত । মঙলবাৰৰ দিনটো লৈকে জিলা খনত ক'ভিডত আক্রান্ত লোকৰ সংখ্যা মুঠ ৭ হেজাৰ ৫৮৩ জনলৈ বৃদ্ধি হয় । এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ৭৯ গৰাকী ।

তাৰোপৰি উদ্বেগজনক ভাৱে শিশু-কিশোৰ আক্রান্ত হৈছে জিলাখনত । মে' মাহৰ প্ৰথম সপ্তাহৰ পৰা মঙলবাৰৰ দিনটোলৈকে শিশুৰ পৰা ১৮ বছৰৰ বয়সৰ লৈকে ১ হেজাৰ ৯৪ টা শিশু আৰু কিশোৰ আক্রান্ত হৈছে । ইতিমধ্যে ইয়াৰে কেইবাটাও শিশু আৰু কিশোৰে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ।

জিলাখনত সম্পূর্ণ লকডাউন দিয়াত ৰাইজে আদৰণি জনাইছে যদিও একাংশ লোকে উলংঘা কৰিছে নতুন 'SOP' ৷ লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন । চৰকাৰে জাৰি কৰা ক'ভিডৰ নতুন নিয়ম উলংঘাকাৰী সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী বিভাগক আহ্বান জনাইছে সচেতন ৰাইজে ৷

আনহাতে, 16 খন জিলাত 2 বজাৰ পৰা পুৱা 5 বজালৈ বাহাল থাকিব সান্ধ্য আইন ৷ ম’ডাৰেট পজিটিভিটি (moderate positivity) থকা এই 16 খন জিলা হ’ল- শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাক্সা, বজালী, কামৰূপ, দৰং, হোজাই, নগাঁও, তিনিচুকীয়া, ধেমাজি, কাছাৰ, কৰিমগঞ্জ আৰু কাৰ্বি আংলং ৷ লগতে 11 খন জিলাত য’ত ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা হ্ৰাস পাইছে, সেই জিলাকেইখনত সন্ধিয়া 5 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন বাহাল থাকিব ৷

এই জিলা কেইখনত 4 বজালৈ খোলা ৰাখিব পাৰিব দোকান-পোহাৰ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ উপৰি হোটেল, ৰেষ্টুৰেণ্ট আদি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান । সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা জিলাকেইখনত সকলো ধৰণৰ ব্যক্তিগত আৰু চৰকাৰী যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ থাকিব ৷

সমান্তৰালকৈ আন্তঃজিলা যাতায়াত বন্ধ হৈ থাকিব ৷ বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান ৷ 5 বছৰৰ তলৰ শিশুৰ মাতৃসকলে ঘৰৰ পৰাই কাম কৰিব পাৰিব ৷ বিবাহ অনুষ্ঠানসমূহত 10 জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব ৷

লগতে পঢ়ক- শোণিতপুৰত বুধবাৰৰে পৰা বলৱৎ লক ডাউন...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.