ETV Bharat / state

Accident in Workplace: বিহপুৰীয়াত কথমপি প্ৰাণৰক্ষা দুই শ্ৰমিকৰ

author img

By

Published : Dec 10, 2021, 4:01 PM IST

বিহপুৰীয়া আৰক্ষী থানাৰ বেৰ খহি শুক্ৰবাৰে দুজন শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ বিহপুৰীয়া পৌৰ সভাৰ দ্বায়িত্বজ্ঞানহীনতাৰ বাবেই নলা নিৰ্মাণৰ কামত নিয়োজিত শ্ৰমিক দুজন আঘাতপ্ৰাপ্ত হ’বলগীয়া হয়(Accident at Bihpuria) ৷

বিহপুৰীয়াত কথমপি প্ৰাণৰক্ষা দুই শ্ৰমিকৰ

বিহপুৰীয়া, ১০ ডিচেম্বৰ : শুক্ৰবাৰে বিহপুৰীয়া আৰক্ষী থানা(Bihpuria police station)ৰ সন্মূখত পৌৰসভাৰ নলা নিৰ্মাণৰ কাম চলি থকাৰ সময়তে দুজন শ্ৰমিকৰ কথমপি প্ৰাণৰক্ষা পৰে ৷ বিহপুৰীয়া পৌৰ সভা(Bihpuria Municipal Board)ৰ দ্বায়িত্বজ্ঞানহীনতাৰ বাবেই শ্ৰমিক দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ’বলগীয়া হয় বুলি স্থানীয় লোকে অভিযোগ তুলিছে ।

শুক্ৰবাৰে বিহপুৰীয়া আৰক্ষী থানাৰ সন্মুখত নলা নিৰ্মাণৰ কাম চলি থকাৰ সময়তে নলাটোৰ গাতে লাগি থকা বিহপুৰীয়া আৰক্ষী থানাৰ এখন বাউণ্ডাৰী ৱাল খহি পৰে । ৱালখন খহি পৰাৰ ফলত নলা নিৰ্মাণত নিয়োজিত থকা শ্ৰমিকদ্বয় বিহপুৰীয়াৰ দহঘৰীয়াৰ ৰাজেন্দ্ৰ দলে আৰু পিয়ৰাম কুটুমে কঁকাল আৰু মুৰত গুৰুত্বৰভাৱে আঘাত পায় । দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ততাতৈয়াকৈ স্থানীয় লোক আৰু বিহপুৰীয়া আৰক্ষী থানাৰ একাংশ আৰক্ষীয়ে লোক দুজনক উদ্ধাৰ কৰে ।

একাংশ সচেতন লোকে অভিযোগ কৰা অনুসৰি, আঁচনি অনুসৰি নলা নিৰ্মাণৰ কাম বিজ্ঞানসন্মতভাৱে নকৰাৰ বাবেই এই ঘটনা সংঘটিত হয় । উল্লেখ্য যে, বিহপুৰীয়া থানাৰ নিচেই কাষতে বৃহস্পতিবাৰে নলাৰ কাষৰ এখন পকী দেৱাল খহি পৰিছিল । যাৰ ফলত ভয়ংকৰ ঘটনাৰ সন্মুখীন হোৱাৰ পৰা কথমপি ৰক্ষা পৰিছিল শ্ৰমিকসকল । ইয়াৰ পিছতো বিহপুৰীয়া পৌৰসভাই কোনো সচেতনতা অৱলম্বন নকৰাকৈ নলা নিৰ্মাণৰ কাম চলাই অহাৰ ফলত শুক্ৰবাৰে এনে দুৰ্ঘটনা সংঘটিত হয় (Accident at Bihpuria) ।

লগতে পঢ়ক: Eviction Drive Against Unauthorized Vendors : বজাৰে বজাৰে গুৱাহাটী পৌৰ নিগমৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.