ETV Bharat / state

Abed Ali Hazarika : চৰকাৰৰ অৱহেলাৰ পাচতো দুবাহুৰ শক্তিৰে বিশ্ব জিনিলে আবেদ আলী হাজৰিকাই - 21st World Panja Championship

দুবাহুত প্ৰৱল শক্তি, মনত অদম্য সাহস লৈ পাঞ্জা খেলি বিশ্ব জয় কৰিবলৈ সপোন দেখা লখিমপুৰৰ আবেদ আলী হাজৰিকাৰ সপোনে বাস্তব ৰূপ পালে । ডুবাইত অনুষ্ঠিত হোৱা এছিয়ান পাঞ্জা চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি তেওঁ দুটাকৈ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় (Abed Ali Hazarika wins medal at Panja Championship) ।

Abed Ali Hazarika wins medal at Panja Championship
দুবাহুৰ শক্তিৰে বিশ্ব জিনিলে আবেদ আলী হাজৰিকাই
author img

By

Published : May 5, 2023, 6:34 PM IST

দুবাহুৰ শক্তিৰে বিশ্ব জিনিলে আবেদ আলী হাজৰিকাই

লখিমপুৰ,৫ মে': ডুবাইত দুবাহুৰ শক্তিৰে দুটাকৈ পদক আজুৰি দেশক গৌৰৱান্বিত কৰিলে লখিমপুৰৰ আবেদ আলী হাজৰিকাই (Success of Panja player Lakhimpur) । এছিয়ান পাঞ্জা চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত পদক লাভ কৰিলে আবেদ আলী হাজৰিকাই । ডুবাইত অনুষ্ঠিত একৈশ সংখ্যক এছিয়ান পাঞ্জা চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি লখিমপুৰৰ আবেদ আলী হাজৰিকাই দুবাহুৰ শক্তিৰে ব্ৰঞ্জ আৰু চিলভাৰ পদক লাভ কৰিবলৈ সক্ষম হৈ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে (World Panja Championship) ।

যোৱা ২৮ এপ্রিলৰ পৰা ৩ মে' লৈ ডুবাইত অনুষ্ঠিত হোবা একৈশ সংখ্যক এছিয়ান পাঞ্জা চেম্পিয়নশ্বিপ প্ৰতিযোগিতা অংশগ্রহণ কৰা কুৰিখনৰো অধিক দেশৰ খেলুৱৈৰ সৈতে যুঁজি ভাৰতৰ পৰা এই প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিবলৈ যোৱা দলটোৱে ১৮ টাকৈ পদক লাভ কৰিবলৈ সক্ষম হয় । ভাৰতক প্ৰতিনিধিত্ব কৰা দলটোৰ অন্যতম হ’ল লখিমপুৰ নগৰৰ ১৩ নং ৱাৰ্ডৰ কমলাবাৰী পথ নিবাসী আবেদ আলী হাজৰিকা (Abed Ali Hazarika wins medal at Panja Championship) ।

তেওঁ ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাৰো পাঞ্জা প্ৰতিযোগিতাত সন্মানিত হোৱাৰ লগতে শেহতীয়াকৈ হায়দৰাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে । এইবাৰ তেওঁ ৰাষ্ট্ৰীয় পাঞ্জা ফেডাৰেচনে ডুবাইত অনুষ্ঠিত হ’বলগীয়া একৈশ সংখ্যক বিশ্ব পাঞ্জা প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত কৰে (21st World Panja Championship) ।

প্ৰৱল অৰ্থ সংকটকো নেওচি আবেদ আলী হাজৰিকাই তেওঁৰ সপোন পুৰণ কৰিবলৈ ৰাওণা হয় । এছিয়াৰ বিভিন্ন দেশৰ খেলুৱৈৰে যুঁজি তেওঁ বাওঁহাতৰ খেলত ব্ৰঞ্জৰ আৰু সোঁহাতৰ খেলত চিলভাৰ পদক লাভ কৰিবলৈ সক্ষম হয় । দীর্ঘদিন ধৰি পাঞ্জাৰে বিশ্ব জয় কৰাৰ সপোন বুকুত বান্ধি ৰখা আবেদ আলীয়ে ডুবাইৰ বাহী আজমান পেলেচ হোটেলৰ অডিটেৰিয়ামত অনুষ্ঠিত একৈশ সংখ্যক এছিয়ান পাঞ্জা চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত সপোনে সাকাৰ ৰূপ পোৱাত আনন্দত উৎফুল্লিত হৈ পৰিছে (Abed Ali participate in Panja Championship) ।

উল্লেখ্য, ভাৰতীয় পাঞ্জা ফেডাৰেচনৰ ডুবাইত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্রহণ কৰিবৰ বাবে আৰ্থিক সাহায্য দিয়া নাছিল । চৰকাৰৰ পৰাও নাছিল কোনো সঁহাৰি । আবেদ আলী হাজৰিকাই সাঁচতীয়া ধন আৰু বন্ধু-বান্ধৱৰ সাহায্যৰে প্ৰায় দুই লাখ টকা ব্যয় কৰি এই প্ৰতিযোগিতাত অংশগ্রহণ কৰি তেওঁৰ সপোন পুৰণ কৰাৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

লগতে পঢ়ক: project deepak of indian army : প্ৰকল্প দীপকৰ উদ্যোগত দৰিদ্ৰ শিক্ষাৰ্থীলৈ সুবিধা প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.