ETV Bharat / state

AASU Protest in Lakhimpur: লখিমপুৰত আৰক্ষীৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

author img

By

Published : Mar 20, 2023, 8:24 PM IST

HSLC ৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদ । পিছে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে লখিমপুৰৰ এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে (AASU protest against police officers in Lakhimpur) । শীঘ্ৰে আৰক্ষী বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰাৰ দাবীত ক'লা পতাকা জোকাৰি প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলা ছাত্ৰ সন্থাই ।

AASU protest against police officers in Lakhimpur
লখিমপুৰত আৰক্ষীৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ
লখিমপুৰত আৰক্ষীৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

লখিমপুৰ,২০ মাৰ্চ: বিগত কেইবাদিনো ধৰি মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ বিৰুদ্ধে নিৰন্তৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে বিভিন্ন সংগঠনে । তাৰ মাজতে সোমবাৰে পূৱাৰ ভাগত লখিমপুৰত আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্র সন্থাই (AASU protest against police officers in Lakhimpur) । ছেবাৰ বিৰুদ্ধে নহয়, লখিমপুৰত এইবাৰ আৰক্ষী বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্র সন্থাৰ (AASU Protest in Lakhimpur)।

সোমবাৰে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ক'লা পতাকা জোকাৰি এগৰাকী আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ আৰু বৰ্খাস্তৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলা ছাত্র সন্থাই । গ্ৰেপ্তাৰৰ দাবী জনোৱা আৰক্ষী বিষয়া জন হ'ল ধলপুৰ আৰক্ষী চকীৰ ৰাজকুমাৰ পেগু । ঘটনা অনুসৰি যোৱা ১৮ মাৰ্চত মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল দল-সংগঠনৰ লগতে একাংশ ছাত্ৰ-ছাত্ৰীয়েও ।

লগতে পঢ়ক: Public protest in Ghagarmukh: জলসম্পদ বিভাগৰ খনন প্ৰকল্প বন্ধৰ দাবীত উত্তাল লখিমপুৰৰ ঘাগৰমুখ বালি

কিন্তু প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছিল এইগৰাকী আৰক্ষী বিষয়া । প্ৰতিবাদ সাব্যস্ত কৰা ছাত্র ছাত্রীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষী বিষয়া ৰাজ কুমাৰ পেগুৰ বিৰুদ্ধে । সেয়ে এনেদৰে ক'লা পতাকা দেখুৱাই শীঘ্ৰে বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰি বৰ্খাস্তৰ দাবীৰে সোমবাৰে লখিমপুৰ সদৰকে ধৰি জিলাখনৰ প্ৰতিখন আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে(AASU protests demanding arrest of police officer) ।

উল্লেখ্য মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডত প্ৰথমৰ পৰাই আন সংগঠনৰ লগতে আছুৱেও ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আছে । ছাত্র ছাত্রীৰ জীৱনক লৈ একাংশই হেতালি খেলা এই কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আহিছে ছাত্র সন্থাই । কিন্তু নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ যোৱা ছাত্ৰ-ছাত্ৰীক দুৰ্ব্যৱহাৰ কৰা আৰক্ষী বিষয়াক কোনো কাৰণতেই ছাত্ৰ সন্থাই ক্ষমা নকৰে বুলি উল্লেখ কৰে ।

লগতে পঢ়ক: Singer Nahid Afrin: কলিযুগত নিজকে শক্তিশালী কৰি ৰখাটো অতিকৈ প্ৰয়োজন; নাহিদ আফ্ৰিন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.