লখিমপুৰ, ৩ ছেপ্টেম্বৰ : লখিমপুৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে পুনৰ আছুৰ উত্তাল প্ৰতিবাদ । শুকুৰবাৰে লখিমপুৰ নগৰৰ মাজ মজিয়াত প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু এন এইছ পি চিৰ প্ৰতিকৃতি দাহ কৰি জিলা ছাত্ৰ সন্থাই প্ৰকল্পটোৰ নিৰ্মাণ বন্ধ কৰিবলৈ পুনৰবাৰ চৰকৰাক সকিয়নী প্ৰদান কৰে । ৰাইজৰ আহ্বানক আওকাণ কৰাৰ অভিযোগ তুলি চৰকাৰ আৰু এনএইচপিচিক ধিক্কাৰ দিয়ে আছুৱে ।
উল্লেখযোগ্য যে, ক’ভিডৰ সময়ত নদী-বান্ধ নিৰ্মাণৰ কাম অতি ক্ষীপ্ৰতাৰে চলি থকাক লৈ শেহতীয়াকৈ ব্যাপক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ চলিত বৰ্ষৰ ওপৰিও প্ৰতিবছৰে বানৰ সময়ত নদী-বান্ধ নিৰ্মাণ স্থলীত অথন্তৰ হোৱাকলৈয়ো সমগ্ৰ ৰাজ্য বাসীৰ লগতে এতিয়া চিন্তিত হৈ পৰিছে দল সংগঠন সমূহ ৷ পানীৰ ডাইভাৰ্চন কৰা হোৱা টানেল ভাঙি এইবেলি পাহাৰৰ মাটিৰ চপৰা চপৰা খহি পৰা দেখিও শংকিত হৈ পৰিছে ৰাইজ ৷
শেহতীয়াভাৱে বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ 7 খন জিলাৰ প্ৰতিনিধিৰ এটা বৃহৎ সজাতি দলৰ সৈতে বৃহৎ নদী-বান্ধ নিৰ্মাণ প্ৰকল্প স্থলীত উপস্থিত হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা ৷ ইয়াৰ পিছতে শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰান্তে প্ৰান্তে আঞ্চলিক আৰু জিলা সমূহে নদী-বান্ধ বিৰোধী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে ৷
স্মৰ্তব্য যে, বুধবাৰে ভূমিকম্প প্ৰৱণ আৰু চনকা পাহাৰত নিৰ্মাণ কৰা এই প্ৰকল্প কোনো কাৰণতে অসমৰ বাবে নিৰাপদ নহয় বুলি মন্তব্য কৰিছিল আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে । চৰকাৰে বান্ধ লবীৰ পক্ষ লৈ বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন আৰু ৰাইজৰ আহ্বানক আওকাণ কৰি বান্ধটোৰ নিৰ্মাণ সম্পূর্ণ কৰিব খোজাৰ অভিযোগ কৰি উদ্বেগ প্ৰকাশ কৰিছিল বৰুৱাই । ইয়াৰোপৰি বিৰোধী পক্ষত থাকোতে নদী বান্ধৰ বিৰোধ কৰা বিজেপিয়ে এতিয়া শাসনভাৰ লাভ কৰাৰ পিছত স্থিতি সলোৱাৰ বিষয়টোক লৈয়ো ক্ষোভ প্ৰকাশ কৰিছিল আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷
লগতে পঢ়ক : কাকপথাৰত বালি মহলদাৰক নিৰ্মম প্ৰহাৰ ডিএফঅ'ৰ