ETV Bharat / state

নিজস্ব জাতিগত প্ৰমাণ পত্ৰ দিয়াৰ দাবীত আদিবাসী ছাত্র সন্থাৰ প্ৰতিবাদ

author img

By

Published : Sep 14, 2020, 7:29 PM IST

লখিমপুৰৰ কদম তিনিআলিত সদৌ অসম আদিবাসী ছাত্র সন্থাৰ প্ৰতিবাদ। আদিবাসীসকলক নিজস্ব জাতিগত প্ৰমাণ পত্ৰ দিয়াৰ দাবীত দাহ কৰিলে "চাহ বাগিচা শ্ৰমিক" প্ৰমাণ পত্ৰ।

নিজস্ব জাতিগত প্ৰমাণ পত্ৰ দিয়াৰ দাবীত আদিবাসী ছাত্র সন্থাৰ প্ৰতিবাদ
নিজস্ব জাতিগত প্ৰমাণ পত্ৰ দিয়াৰ দাবীত আদিবাসী ছাত্র সন্থাৰ প্ৰতিবাদ

লখিমপুৰ, 14 ছেপ্তেম্বৰ : লখিমপুৰৰ কদম তিনিআলিত সদৌ অসম আদিবাসী ছাত্র সন্থাৰ প্ৰতিবাদ । লখিমপুৰ জিলাৰ উদ্যোগত তথা কদম আঞ্চলিক আদিবাসী ছাত্র সন্থাৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী। আদিবাসীসকলক নিজস্ব জাতিগত প্ৰমাণ পত্ৰ দিয়াৰ দাবীত ছাত্ৰ সংগঠনটোৱে দাহ কৰিলে "চাহ বাগিচা শ্ৰমিক" প্ৰমাণ পত্ৰ ।

জাতিগত প্ৰমাণ পত্ৰ দিয়াৰ দাবীত প্ৰতিবাদ

প্ৰতিবাদকাৰীয়ে কদম তিনিআলিত চাহ বাগিচা শ্ৰমিক প্ৰমাণ পত্ৰ দাহ কৰাৰ লগতে অসমৰ আদিবাসীসকলক 2020ৰ ভিতৰত জনজাতি মৰ্যদা প্ৰদান কৰা, অসমৰ আদিবাসীসকলৰ জাতিগত প্ৰমাণ পত্ৰসমূহ চাহ বাগিচা শ্ৰমিক বুলি লিখা বন্ধ কৰা,চাহ শ্ৰমিকৰ নূন্যতম মজুৰি 351 টকালৈ বৃদ্ধি কৰা, আদিবাসীসকলক স্বায়ত্বশাসিত পৰিষদ দিয়াৰ ব্যৱস্থা কৰা আৰু সুকীয়া আদিবাসী কল‍্যাণ বিভাগ গঠন কৰা আদি দাবীৰে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদৰ অন্তত কদম ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ছাত্ৰ সংগঠনটোৱে ।

এই প্ৰতিবাদী কাৰ্যসূচীত লখিমপুৰ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক সিদ্দেশ্বৰ দীপ,যুটীয়া সম্পাদক সঞ্জীৱ ওৰাং, কদম আঞ্চলিকৰ সভাপতি ৰূৱেন চুৰিণ, সম্পাদক হিতেশ্বৰ চৱৰৰ লগতে সদস্যসকল উপস্থিত থাকে ।

লগতে পঢ়ক : কেতিয়ালৈ পুনৰুজ্জীৱিত হ'ব ৰাজ্যৰ দুয়োটা কাগজ কল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.