ETV Bharat / state

AAMSU Protest in Lakhimpur: উন্নয়নৰ নামত ধৰ্মৰ ৰাজনীতি নকৰিব: আমছুৰ

লখিমপুৰৰ বঙালমৰাত আমছুৰ প্ৰতিবাদ ৷ মুখ্যমন্ত্ৰী, সাংসদ আৰু বিধায়কৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত আমছুৰ ।

AAMSU Protest in Lakhimpur
উন্নয়নৰ নামত ধৰ্মৰ ৰাজনীতি নকৰিব
author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 4:16 PM IST

উন্নয়নৰ নামত ধৰ্মৰ ৰাজনীতি নকৰিব

লখিমপুৰ, 16 অক্টোবৰ : লখিমপুৰৰ বঙালমৰাত সংখ্যালঘু ছাত্র সন্থা চমুকৈ আমছুৰ প্ৰতিবাদ ৷ পথ মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে ৷ উল্লেখ্য যে, নাওবৈচা সমষ্টিৰ বিশেষকৈ বঙালমৰাৰ প্ৰায়বোৰ পথৰে অৱস্থা তথৈবচ । সেয়ে ছাত্র-ছাত্রী, পথচাৰীয়ে যাতায়তৰ নামত ভুগিছে অৱৰ্ণনীয় পৰিস্থিতিৰ ।

বছৰ বছৰ ধৰি ৰাইজে এনে যমৰ যাতনা ভোগ কৰি অহাৰ পাচতো কাণসাৰ নাই বিধায়ক, সাংসদ অথবা লোকনিৰ্মাণ বিভাগৰ ৷ সেয়ে পথ মেৰামতিৰ দাবীত সোমবাৰে বঙালমৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভৰত নৰহৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে ৷

‘‘সংখ্যালুঘ অঞ্চলত চৰকাৰে পথ মেৰামতি কৰা নাই ৷ ধৰ্মৰ নামত ৰাজনীতি কৰিছে বিজেপিয়ে ৷ সংখ্যলঘু অঞ্চলৰ উন্নয়নৰ বাবে কোনো পদক্ষেপ নলয় চৰকাৰে ৷ বিগত 10 বছৰৰ পৰা বৰ্তমানলৈকে বিজেপি চৰকাৰে লখিমপুৰৰ বঙালমৰাত কোনো পথ মেৰামতি নকৰাৰ বাবে বিধ্বস্ত হৈছে বাট-পথসমূহ ৷ এই কথা সাংসদ, বিধায়কক অৱগত কৰিলে কোনো গুৰুত্বই প্ৰদান নকৰে ৷’’ এই মন্তব্য প্ৰতিবাদকাৰী আমছু নেতাৰ ৷

তেওঁলোকে পুনৰ কয়, ‘‘ সাংসদ প্ৰদান বৰুৱাৰ কাৰ্যকাল শেষ হোৱাৰ পথত ৷ বাকী অঞ্চলত বাট-পথ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ কিন্তু বঙালমৰাৰ সংখ্যলঘু অঞ্চলত পথ নিৰ্মাণৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰে ৷ ইফালে 10-15 বছৰে বিধায়ক হোৱাৰ পাচতো বঙালমৰাত পথ নিৰ্মাণৰ ক্ষেত্ৰত কোনে পদক্ষেপে গ্ৰহণ নকৰিলে বিধায়ক নৰহে ৷ কেৱল সংখ্যালঘু অঞ্চল হোৱাৰ কাৰণে আমি উন্নয়নৰ পৰা বঞ্চিত হৈছো ৷’’

‘‘মুখ্যমন্ত্ৰী হিমন্ত চৰকাৰৰ দিনত ৰাজ্যত উন্নয়ন হোৱা বুলি ঢাক-ঢোল বজাই আছে যদিও বঙালমৰাৰ সংখ্যলঘু অঞ্চলৰ পথৰ দুৰৱস্থাই উন্নয়নৰ প্ৰকৃত স্বৰূপ উদঙাইছে ৷’’ এই মন্তব্য প্ৰতিবাদকাৰীৰ ৷

লগতে পঢ়ক:Dengue outbreak: লখিমপুৰত ডেংগুৰ প্ৰাদুৰ্ভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.