ETV Bharat / state

গোর্খা ছাত্ৰ সন্থাৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন - সাংস্কৃতিক সমাৰোহ

শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নাওবৈচাত আৰম্ভ হয় ফুলবাৰী গোৰ্খা ছাত্ৰ সন্থাৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশন । দেওবাৰে অন্তিম দিনৰ কাৰ্যসূচীত পুৱা পতাকা উত্তোলন কৰা হয় । সাংস্কৃতিক সমাৰোহত গোর্খাসকলৰ বিভিন্ন কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰা হয় ।

ফুলবাৰী গোর্খা ছাত্ৰ সন্থাৰ সপ্তম দ্বি-বাৰ্ষিক অধিবেশন

author img

By

Published : Feb 14, 2021, 1:03 PM IST

নাওবৈচা,১৪ ফেব্ৰুৱাৰী: শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নাওবৈচাত আৰম্ভ হৈছে ফুলবাৰী গোৰ্খা ছাত্ৰ সন্থাৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশন । শনিবাৰে বিভিন্ন অনুষ্ঠানৰ মাজেৰে সুকলমে পাৰ হৈ যায় অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী । দেওবাৰে পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হয় দ্বিতীয় দিনাৰ কাৰ্যসূচী । পতাকা উত্তোলন কৰে ফুলবাৰী গোর্খা ছাত্ৰ সন্থাৰ সভাপতি টেকনাথ দাহালে আৰু শ্বহীদ তৰ্পণ কৰে ফুলবাৰী গোর্খা ছাত্ৰ সন্থাৰ মুখ্য সম্পাদক নাৰায়ণ শৰ্মাই । কাৰ্যসূচী অনুসৰি মূল সভাখনি উদ্বোধন কৰে ফুলবাৰী গোর্খা ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি পদ্ম শৰ্মাই । উদ্বোধনী ভাষণত শৰ্মাই অসমত বসবাস কৰা গোর্খা জনগোষ্ঠীয় লোকসকলৰ কৃষ্টি-সংস্কৃতিয়ে বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি উল্লেখ কৰে । আনহাতে, অধিৱেশনৰ লগত সংগতি আয়োজন কৰা সাংস্কৃতিক সমাৰোহত গোর্খাসকলৰ পৰম্পৰাগত বিভিন্ন সামগ্ৰী ,সাজ-পাৰ প্ৰদৰ্শন কৰা হয় ।

ফুলবাৰী আঞ্চলিক গোর্খা ছাত্ৰ সন্থাৰ সভাপতি মনোজ ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অখিল অসম গোর্খা ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুন ছেত্ৰীয়ে । সভাপতি ছেত্ৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি গোৰ্খা জনগোষ্ঠীক বিভিন্ন ধৰণে চৰকাৰে বঞ্চিত কৰা বুলি অভিযোগ তোলে । লগতে নিৰ্বাচনৰ আগত গোৰ্খাসকলৰ বিভিন্ন সমস্যা চৰকাৰে সমাধান নকৰিলে আগন্তুক দিনত তীব্ৰ আন্দোলন কৰিব বুলিও হুংকাৰ দিয়ে ৷

লগতে পঢ়ক:আৰক্ষীৰ তৎপৰতাত উচ্ছেদ গাঞ্জা খেতি

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.