ETV Bharat / state

জলপ্ৰপাত চাবলৈ গৈ ৰহস্যজনক ভাৱে নিখোজ লখিমপুৰৰ যুৱক

author img

By

Published : Aug 21, 2021, 7:59 PM IST

জলপ্ৰপাতেই কাল হ'ল নেকি লখিমপুৰ জিলাৰ ন-আলিৰ সন্ধানহী যুৱক পাৰ্থজিত ফুকনৰ বাবে ? প্ৰকৃততে জলপ্ৰপাততেই সন্ধানহীন হৈছিল নে পাৰ্থজিত ? এজন যুৱকৰ নিৰুদ্দেশ্যে লখিমপুৰৰ ন-আলিত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

a-youth-of-lakhimpur-mysteriously-missing-while-visiting-waterfall
জলপ্ৰপাত চাবলৈ গৈ ৰহস্যজনক ভাৱে নিখোজ লখিমপুৰৰ যুৱক

লখিমপুৰ,21 আগষ্ট: লগৰীয়া সতে জলপ্ৰপাত চাবলৈ গৈ চাৰিদিন ধৰি নিখোজ হৈ আছে লখিমপুৰ জিলাৰ ন-আলিৰ এজন 20 বছৰীয়া যুৱক ৷ যুৱকজন ন-আলিৰ পাৰ্থজিত ফুকন (20) বুলি জানিব পৰা গৈছে ৷ যুৱকজনৰ নিখোজক লৈ সৃষ্টি হৈছে ৰহস্যৰ ৷ ৰূপহী জলপ্ৰপাতত পৰি পাৰ্থজিত নিৰুদ্দেশ হোৱা বুলি লগৰীয়া কেইজনে কোৱাৰ পিছত দুদিন ধৰি এছ এডি আৰ এফ, এন ডি আৰ এফৰ ডুবাৰো দলে সন্ধান‌ কৰাৰ পিছতো সন্ধান নোলাল যুৱকজনৰ ৷

উল্লেখ্য যে,গোগামুখ মিংমাঙৰ বহু চৰ্চিত ৰূপহী জলপ্ৰপাতটো উপভোগ কৰাৰ লগতে গৰমৰ সময়ছোৱাত গা-ধূবলৈ যায় হাজাৰ হাজাৰ লোক ৷ অতি দুৰ্গম আৰু পাহাৰীয়া অঞ্চলৰ কন্টকময় এই যাত্ৰা নিৰাপদ নহয় ৷ হলেও প্ৰাকৃতিক নৈসৰ্গিকপূৰ্ণ জলপ্ৰপাতটো চাবলৈ ভিৰ কৰে বহু লোকে ৷ সেইদৰেই যোৱা বুধবাৰে জলপ্ৰপাতটো চাবলৈ গৈ আবেলিৰ পৰা নিখোজ হয় পাৰ্থজিত ফুকন ৷ পাৰ্থৰ বন্ধু কেইজনে পাৰ্থ জলপ্ৰপাতটোত নিখোজ হৈছে বুলি জনাইছে যদিও এই ক্ষেত্ৰত সন্দেহ উপজিছে পাৰ্থৰ পৰিয়ালৰ ৷

যাৰ বাবে ইতিমধ্যেই পাৰ্থৰ পৰিয়ালৰ লোকে তেঁওৰ লগত যোৱা বন্ধু কেইজনৰ বিৰুদ্ধে ধেমাজি জিলাৰ গেৰুকামুখ থানাত এজাহাৰ দাখিল কৰিছে ৷

নিৰুদ্দেশ হোৱা পাৰ্থৰ পৰিয়াল তথা স্থানীয় লোকৰ অভিযোগ, গেৰুকামুখ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সোপাঢিলা পদক্ষেপৰ বাবেই পাৰ্থৰ নিখোঁজৰ ঘটনাৰ ৰহস্য ভেদ হোৱা নাই ৷ ইফালে চাৰিদিন ধৰি নিখোজ পাৰ্থ ফুকনৰ মৃতদেহ বিচাৰি উলিওৱাৰ বাবে প্ৰশাসনে বিশেষ গুৰুত্ব নিদিয়াত মৃতকৰ পৰিয়াল তথা গাঁৱৰ লোকে শনিবাৰে আৰক্ষী-প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে ৷ এই সন্দৰ্ভত শনিবাৰে পাৰ্থৰ পৰিয়াল আৰু স্থানীয় লোক সকলে লখিমপুৰৰ কাকৈ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়কঃ তালিবানক সমৰ্থন কৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.