ETV Bharat / state

লক ডাউনঃ ৬০ কিঃমিঃ চাইকেই চলাই জীৱন দান

এগৰাকী মহিলাক তেজৰ প্ৰয়োজন হোৱাৰ খবৰ পায়েই এনেদৰে আগবাঢ়ি যায় অৰ্ধসামৰিক বাহিনীৰ এজন কনিষ্টবলজনে ৷ ৰক্তদান জীৱনদান ৷ বাক্যশাৰী বহু সময়ত বহুজনে প্ৰমাণ কৰি কৰি আহিছে ৷

cycling to protect woman's life
৬০ কিঃমিঃ চাইকেই চলাই জীৱন দান
author img

By

Published : Jul 27, 2020, 8:11 PM IST

লখিমপুৰ, 27 জুলাইঃ সমগ্ৰ দেশত লক ডাউন ৷ ৰোগীৰ সংখ্যাও অসংখ্য ৷ বহুতক প্ৰয়োজন তেজৰ ৷ চলা নাই বাহন ৷ লখিমপুৰৰ এগৰাকী ৰোগীক জীৱন দান কৰিবলৈ এইজন জোৱানে প্ৰায় ৬০ কিঃমিঃ চাইকেল চলাই যায় ৷ এগৰাকী মহিলাক তেজৰ প্ৰয়োজন হোৱাৰ খবৰ পায়েই এনেদৰে আগবাঢ়ি যায় অৰ্ধসামৰিক বাহিনীৰ এজন কনিষ্টবলজনে ৷ ৰক্তদান জীৱনদান ৷ বাক্যশাৰী বহু সময়ত বহুজনে প্ৰমাণ কৰি কৰি আহিছে ৷ কিন্তু মহামাৰীৰ এই সময়ছোৱাত নিজ জীৱনক তুচ্ছ কৰি 60 কিলোমিটাৰ চাইকেল চলাই লখিমপুৰত উপস্থিত হয় ৰাজেশ বৰা ৷

৬০ কিঃমিঃ চাইকেই চলাই জীৱন দান

লগতে পঢ়কঃ অৰ্ধসামৰিক বাহিনীৰ এজন কনিষ্টবল

উদ্দেশ্য ৰক্তদান ৷ লখিমপুৰৰ এগৰাকী মহিলাক তেজৰ প্ৰয়োজন হোৱা লগে লগে এনেদৰে 60 কিলোমিটাৰ চাইকেল চলাই গৈ মহিলাগৰাকীক তেজ দিয়ে যুৱকজনে ৷ পৃথিৱীত প্ৰতি দুই ছেকেণ্ডত কোনোবা এজনক তেজৰ প্ৰয়োজন হ্য়। আপোনাৰ এটুপি তেজ কাৰোবাৰ বাবে হৈ পৰিব পাৰে মৃত সঞ্জীৱনী। উল্লেখযোগ্য যে,সমগ্ৰ দেশজুৰি ৰক্তদান কৰি অহা টিম হিউমেনিটিৰ এজন সক্ৰিয় সদস্য ৰাজেশ বৰা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.