হায়দৰাবাদ: হোণ্ডা মটৰ চাইকেল ইণ্ডিয়াই 27 নৱেম্বৰত প্ৰথমখন ইলেক্ট্ৰিক স্কুটাৰ হোণ্ডা এক্টিভা ইলেক্ট্ৰিক মুকলি কৰিবলৈ সাজু হৈছে । জাপানী দুচকীয়া বাহন নিৰ্মাতা কোম্পানীটোৱে এই অনুষ্ঠানৰ বাবে নিমন্ত্ৰণী পত্ৰ মুকলি কৰিছে বুলি জানিব পৰা গৈছে ৷ কোম্পানীটোৱে 'watt's ahead' শব্দ ব্যৱহাৰ কৰিছে আৰু কোম্পানীটোৰ প্ৰথমখন ইলেক্ট্ৰিক স্কুটাৰ মুকলি কৰা হ’ব বুলি ইংগিত দিছে ।
উল্লেখ কৰা প্ৰয়োজন যে হোণ্ডা মটৰ চাইকেলে কিছুদিনৰ পৰা এক্টিভা ইলেক্ট্ৰিক স্কুটাৰ নিৰ্মাণৰ বাবে কাম কৰি আছে আৰু পূৰ্বে প্ৰকাশ পোৱাৰ দৰে এই ইলেক্ট্ৰিক স্কুটাৰখন আইচিই প্লেটফৰ্মৰ সুবিধা লৈ নিৰ্মাণ কৰা হ’ব যাতে উন্নয়ন ব্যয় অধিক নহয় ৷ ইয়াৰ লগতে বজাৰৰ বাবে স্কুটাৰখন নিৰ্মাণ কৰিবলৈ যাতে কম সময়ৰ প্ৰয়োজন হয় ।
তথ্য প্ৰকাশ পাইছে যে হোণ্ডা এক্টিভা ইভিৰ পাৰফৰমেন্স এক্টিভা 110 ৰ সমান হ’ব, আনহাতে ইয়াৰ ৰেঞ্জ প্ৰায় 100 কিলোমিটাৰ হ’ব । এই স্কুটাৰখনৰ আন আন স্কুটাৰৰ দৰেই ফিক্সড বেটাৰীও থাকিব পাৰে বুলিও আশা কৰা হৈছে । কিন্তু আঁতৰ কৰিব পৰা বেটাৰী থকাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ।
চেছিছৰ কথা ক’বলৈ গ’লে আশা কৰা হৈছে যে ফ্ৰেমটো এনেদৰে ডিজাইন কৰা হ’ব যাতে বেটাৰী আৰু মটৰৰ বাবে ঠাইখিনি চতুৰতাৰে অনুকূল কৰি তুলিব পৰা যাব । স্কুটাৰখনৰ সন্মুখত টেলিস্কোপিক ফৰ্ক আৰু পিছফালে মনোশ্বক ব্যৱহাৰ কৰিব পাৰে । ব্ৰেকিঙৰ বাবে আগফালে ডিস্ক ব্ৰেক আৰু পিছফালে ড্ৰাম ব্ৰেক পোৱা যায় ।
হোণ্ডা ইণ্ডিয়াৰ প্ৰথমখন ইলেক্ট্ৰিক স্কুটাৰ বজাৰত উপলব্ধ হোৱালৈ বহু সময়ৰ প্ৰয়োজন হয় যদিও টিভিএছ আইকিউব, আথেৰ ৰিট্জা, আথেৰ 450X, বাজাজ চেটক আৰু অ’লা S1 ৰেঞ্জৰ দৰে প্ৰতিষ্ঠিত প্ৰতিযোগীৰ বিপৰীতে কোম্পানীটোৰ স্কুটাৰখনে কেনেদৰে প্ৰদৰ্শন কৰে সেয়া হ’ব এক গুৰুত্বপূৰ্ণ বিষয় ।