ETV Bharat / state

কৃষি বিধেয়ক বাতিলৰ দাবীত লখিমপুৰত কৃষকৰ একক প্ৰতিবাদ

author img

By

Published : Sep 25, 2020, 6:52 PM IST

কৃষক বিৰোধী তিনিখন আইনৰ বিৰোধিতাৰে লখিমপুৰত একক প্ৰতিবাদ ৷ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ কৃষি বিধেয়ক বাতিলৰ দাবী লোকজনৰ ৷

A Farmer Single Protest in Lakhimpur
কৃষি বিধেয়ক বাতিলৰ দাবীত লখিমপুৰত কৃষকৰ একক প্ৰতিবাদ

লখিমপুৰ, 25 ছেপ্তেম্বৰ : ৰাজ্যসভা আৰু লোকসভাত কৃষি বিধেয়ক 2020 গৃহীত হোৱাৰ পিচতে দেশজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ কৃষক সংগঠনৰ সমূহৰ লগতে সাধাৰণ কৃষক শ্ৰেণী আৰু দেশৰ সচেতন নাগৰিকে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

অসমতো কৃষক বিৰোধী তিনিওখন বিধেয়কৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ ৷ কিন্তু লখিমপুৰ জিলাত এগৰাকী লোকে তিনিওখন বিধেয়কৰ বিৰুদ্ধে সাব্যস্ত কৰিছে একক প্ৰতিবাদ ৷

লগতে পঢ়ক : ভাৰত বন্ধৰ প্ৰভাৱ :প্ৰতিবাদত বহিল যোৰহাটৰ ব্যৱসায়ী

ধনপুৰৰ নিবাসী প্ৰমোদ হাজৰিকা নামৰ লোকজনে কাটৰি চাপৰি ধনপুৰ পথাৰৰ মাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যিক কৃষিমন্ত্ৰী অতুল বৰাৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰিলে একক প্ৰতিবাদ ৷

কৃষকৰ স্বাৰ্থৰ কথা চিন্তা নকৰাকৈ তিনিখনকৈ কৃষক বিৰোধী বিধেয়ক গৃহীত কৰাত ক্ষোভ প্ৰকাশ কৰি প্ৰমোদ হাজৰিকাই অতিশীঘ্ৰে জনস্বাৰ্থ বিৰোধী নীতি নাকচ কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক : থোৰতে এচ. পি. বালাসুব্ৰমনিয়ামৰ জীৱন পৰিক্ৰমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.