ETV Bharat / state

A Facebook post : আনন্দই আনিলে আনন্দ; এটা ফেচবুক পোষ্টে সকাহ দিলে লখিমপুৰবাসীক - Facebook post brought relief

এটা মাত্ৰ ফেচবুক পোষ্ট । লখিমপুৰৰ এক সমস্যা সমাধানৰ হকে জিলাৰ আৰক্ষী অধীক্ষকক দৃষ্টি গোচৰ কৰি লখিমপুৰৰ ৰাজা গগৈ নামৰ যুৱকজনে দিছিল পোষ্টটো । পোষ্টটো দিয়াৰ দুদিনৰ ভিতৰতে আৰক্ষী অধীক্ষকে ল’লে বিহীত ব্যৱস্থা ৷ যাৰ বাবে যুৱকজনে বাৰম্বাৰ প্ৰণাম জনাইছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক ।

A Facebook post brought relief to the people of Lakhimpur
এক দীর্ঘদিনীয়া সমস্যাৰ সমাধান
author img

By

Published : Aug 7, 2023, 9:45 AM IST

এক দীর্ঘদিনীয়া সমস্যাৰ সমাধান

লখিমপুৰ, ৭ আগষ্ট : লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বাৰম্বাৰ প্ৰণাম এগৰাকী যুৱকৰ । যুৱকজনৰ ফেচবুক পোষ্ট এটাৰ আঁত ধৰিয়েই আৰক্ষীয়ে ল’লে এক দীর্ঘদিনীয়া সমস্যাৰ সমাধানৰ ব্যৱস্থা । যাৰ বাবে লখিমপুৰৰ যুৱকজনে এতিয়া বাৰম্বাৰ প্ৰণাম জনাইছে জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক । অমি উল্লেখ কৰি থকা যুৱকজনৰ নাম ৰাজা গগৈ ৷

ৰাজা গগৈৰ এটা ফেচবুক পোষ্টৰ আঁত ধৰিয়েই আৰক্ষী অধীক্ষকগৰাকীয়ে জিলাখনৰ দশকৰ পাচত দশক ধৰি চলি অহা এক বিশৃংখল দূৰ কৰাৰ নিৰ্দেশ দিয়ে । আৰক্ষী অধীক্ষকগৰাকীৰ নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ আৰক্ষীয়ে দুদিনৰ ভিতৰতে হাতে-কামে নামিপৰে আৰু ৰাইজে দীর্ঘদিনীয়া এক উশৃংখল পৰিৱেশৰ পৰা মুক্ত হৈ আৰক্ষীৰ লগতে ফেচবুক পোষ্ট দিয়া যুৱকজনকো ধন্যবাদ জ্ঞাপন কৰে ।

জানিব পৰা মতে, এই সমস্যাটো আছিল নগৰ এলেকাৰ নকাৰী ৰে’লৱে ক্ৰচিঙৰ বিশৃংখল অৱস্থাৰ । ৰে’ল অহাৰ সময়ত গেট বন্ধ হৈ পৰাৰ পাচত গেটৰ দুয়োদিশে যান-বাহনে সমগ্ৰ পথটো আগুৰি ধৰে । ফলত গেট খোলাৰ পাচত বহু সময় ধৰি ক্ৰচিংটোত চৰম বিশৃংখল পৰিৱেশ সৃষ্টি হয় ।

A Facebook post brought relief to the people of Lakhimpur
দীর্ঘদিনীয়া সমস্যাৰ সমাধান

দীর্ঘদিনীয়া এই সমস্যাটো দেখি লখিমপুৰৰ সমাজ সচেতন যুৱক ৰাজা গগৈয়ে যোৱা ৩০ জুলাইত ফেচবুকত এটা পোষ্ট দি ৰে’ল গেট বন্ধ হৈ থকাৰ সময়ত গেটৰ দুয়োদিশে যান-বাহনসমূহ এটা দিশে শাৰীপাতি ৰখোৱাৰ ব্যৱস্থা কৰিব পাৰি নেকি বুলি জিলাৰ আৰক্ষী অধীক্ষকক অনুৰোধ জনাইছিল । যদিও তেওঁৰ ফেচবুক পোষ্ট দি আৰক্ষী অধীক্ষকগৰাকীক এই অনুৰোধ জনাইছিল ৷ তথাপিও যে তেওঁ ইয়াৰ পৰা কিবা ফল লাভ কৰিব সেয়া নিশ্চিত নাছিল ।

কিন্তু আশ্চর্যজনক আৰু নজিৰবিহীনভাৱে ৰে’লৱে ক্ৰচিঙত যানবাহন শাখাৰ আৰক্ষী হাতে-কামে নামি পৰিল । যুৱকজনে ফেচবুক পোষ্টৰ জৰিয়তে আৰক্ষী অধীক্ষকক আহ্বান জনোৱাৰ দুদিনৰ পাচতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিলে । এতিয়া প্ৰতিখন ৰে’ল অহা-যোৱা কৰাৰ সময়ত আৰক্ষীয়ে ৰে’ল ক্ৰচিংটোত কৰ্তব্যত ব্যস্ত হৈ পৰে । যাৰ বাবে ৰাইজে শান্তিৰে ৰে’লপথচোৱা অতিক্ৰম কৰিব পাৰিছে ।

সকলোৱে যুৱকগৰাকীৰ আহ্বান আৰু তাৎক্ষণিকভাৱে সঁহাৰি জনোৱা আৰক্ষী অধীক্ষকগৰাকীক শলাগ লৈছে । ৰাজা গগৈয়ে এতিয়া তেওঁৰ ফেচবুক পোষ্টৰ প্ৰতি সঁহাৰি জনাই এক দীর্ঘদিনীয়া সমস্যা সমাধান কৰাৰ বাবে জিলাৰ আৰক্ষী অধীক্ষকজনক বাৰম্বাৰ প্ৰণাম জনাইছে ৷

লগতে পঢ়ক : AICC on Bhupen Borah: সভাপতি সলনি নহয়; ভূপেন বৰাৰ প্ৰতি কংগ্ৰেছৰ সম্পূর্ণ আস্থা আছে; জিতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.