ETV Bharat / state

পখিলা খেদা বয়সত জটিল ৰোগৰ সৈতে যুঁজিছে এটি শিশুৱে

নাৰায়ণপুৰৰ হাৰমতী গড় গাঁৱৰ বিজয় হীৰা আৰু দ্বীপশিখা হীৰাৰ পুত্ৰ সেৱকৰ আজি কিছুদিনৰ আগতে সামান্য ভাবে মুখ মণ্ডল ফুলি যোৱাৰ লগতে প্ৰস্ৰাৱৰ সমস্যাই দেখা দিছিল। চিকিৎসকৰ ওচৰলৈ যোৱাত জানিব পাৰিলে যে, সেৱকৰ কিডনীত ঘাঁ লগাৰ লগতে উচ্চৰক্ত চাপত আক্ৰন্ত হৈছে । সম্প্ৰতি উপায়ন্তৰ হৈ দৰিদ্ৰ পৰিয়ালটোৱে অসমবাসী ৰাইজ আৰু চৰকাৰ সহায় বিচাৰিছে ৷

পখিলা খেদা বয়সত জটিল ৰোগত আক্ৰান্ত এটি ৮ বছৰীয়া শিশু

author img

By

Published : Dec 9, 2020, 5:00 PM IST

বিহপুৰীয়া,9 ডিচেম্বৰ : এটি ৮ বছৰীয়া শিশু । নাম সেৱক চন্দ্ৰ হীৰা । সমনীয়াৰ লগত খেলা-ধুলা কৰা সময়ত দিন কটাব লগীয়া হৈছে চিকিৎসালয়ৰ বিছনাত । নাৰায়ণপুৰৰ হাৰমতী গড় গাঁৱৰ বিজয় হীৰা আৰু দ্বীপশিখা হীৰাৰ পুত্ৰ সেৱকৰ আজি কিছুদিনৰ আগতে সামান্য ভাবে মুখ মণ্ডল ফুলি যোৱাৰ লগতে প্ৰস্ৰাৱৰ সমস্যাই দেখা দিছিল। চিকিৎসকৰ ওচৰলৈ যোৱাত জানিব পাৰিলে যে, সেৱকৰ কিডনিত ঘাঁ লগাৰ লগতে উচ্চৰক্ত চাপত আক্ৰন্ত হৈছে ।

ইপিনে চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় বা গুৱাহাটী মেডিকেল কলেজলৈ যাবলৈ কৈছে যদিও টকাৰ অভাৱত যাব পৰা নাই দৰিদ্ৰ পৰিয়ালটো । উল্লখযোগ্য যে, সেৱকৰ পিতৃ বিজয় হীৰাই দিন হাজিৰা কৰি পোহ-পাল দি আহিছে পৰিয়ালটো । সম্প্ৰতি গুৱাহাটী নাইবা ডিব্ৰুগড় নিবলৈ আৰ্থিক সংকটত ভুগিছে পৰিয়ালটো ৷ পিতৃ বিজয় আৰু মাতৃ দ্বীপশিখাই এতিয়া টকাৰ অভাৱত চিন্তিত হৈ পৰিছে কি দৰে পুত্ৰ চিকিৎসা কৰিব ।

পখিলা খেদা বয়সত জটিল ৰোগত আক্ৰান্ত এটি ৮ বছৰীয়া শিশু

আনহাতে ইতিমধ্যে গাঁওবাসী আৰু অঞ্চলবাসীয়ে কেইটামান টকা যোগাৰ কৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ শিশুটিৰ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে যদিও কোনো সুফল পোৱা নাই বুলি জানিবলৈ দিছে দৰিদ্ৰ পৰিয়ালটোৱে । সম্প্ৰতি উপায়ন্তৰ হৈ পৰিয়াটিয়ে শিশুটিৰ চিকিৎসাৰ বাবে চৰকাৰ আৰু অসমবাসীৰ ওচৰত সহায়ৰ হাত বিচাৰিছে । যদিহে কোনো সুহৃদয় লোকে দৰিদ্ৰ পৰিয়ালটিক সহায় কৰিব বিচাৰে ৮৮৭৬২১১৭০৫ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷

লগতে পঢ়কঃ তিনিচুকীয়াত পুনৰ তেল চুৰি কৰা অৱস্থাত জব্দ টেংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.