লখিমপুৰ,৮ জুলাই : যোৱা এক জুলাইৰ পৰা আৰম্ভ হোৱা ৭৩ সংখ্যক বন মহোৎসৱ সপ্তাহৰ (73rd Van Mahotsav Week at Lakhimpur) শুকুৰবাৰে সামৰণি পৰে । লখিমপুৰৰ চাৰিটাকৈ স্থানত ৭৫ টাকৈ গছপুলি ৰোপণ কাৰ্যসূচীৰ জৰিয়তে এই বন মহোৎসৱৰ সামৰণি পৰে । লখিমপুৰ বন বিভাগৰ উদ্যোগত আয়োজন কৰা হয় এই মহোৎসৱৰ ।
উল্লেখ্য যে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি স্বাধীনতাৰ ৭৫ বৰ্ষ উপলক্ষে ৭৫ টাকৈ গছপুলি ৰোপণ কৰা হয় । লখিমপুৰত জহিংস্থিত ৰাজ্যৰ দ্বিতীয়খন পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ চৌহদত জিলাৰ বন বিভাগৰ উদ্যোগত এই কাৰ্য্যসূচী পালন কৰা হয় । গছপুলি ৰোপণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে জিলাৰ বন প্ৰাধিকাৰী অশোক কুমাৰ দেৱ চৌধুৰীয়ে ।
তেওঁক সহযোগ কৰে মহাবিদ্যালয়খনৰ ডীন ডাঃ উমাকান্ত তামুলীয়ে । কাৰ্যসূচীত মুকিবুৰ ৰহমান, নাৰায়ণ ঠাকুৰীয়া, তাৰানাথ তামুলী আদি কেইবাগৰাকী বন বিষয়াৰ লগতে আৰক্ষী তথা মহাবিদ্যালয়খনৰ ছাত্র-ছাত্রীসকলেও অংশগ্রহণ কৰে । জিলাৰ বন প্ৰাধিকাৰী আৰু মহাবিদ্যালয়খনৰ ডীনে বন সপ্তাহ, আজাদী কা অমৃত মহোৎসৱৰ তাৎপর্যৰ লগতে গছ ৰোপণ, প্ৰতিপালন আৰু জীৱজগতৰ ওপৰত তাৰ প্ৰভাৱ সম্পর্কে ভাষণো প্ৰদান কৰে ।
উল্লেখ্য যে ইয়াৰ পূৰ্বে জিলাখনৰ বিভিন্ন স্থানত বন মহোৎসৱ সপ্তাহৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কৰা হৈছে । বন বিভাগৰ এনে পদক্ষেপক আদৰণি জনাইছে জিলাখনৰ ৰাইজে ।
লগতে পঢ়ক :কলিয়াবৰত অজগৰ উদ্ধাৰ