ETV Bharat / state

Assam Sahitya Sabha conference: তুংগত অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনৰ প্ৰস্তুতি - অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন

মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশন (Assam Sahitya Sabha conference) ৷ 31 জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব এই অভিৱেশনখনি ৷

67th Narayanpur Session of Assam Sahitya Sabha will start from January 31
অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশন
author img

By

Published : Jan 28, 2023, 12:58 PM IST

অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশন

বিহপুৰীয়া, 28 জানুৱাৰী : অহা 31 জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰ খামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশন (Assam Sahitya Sabha conference at Narayanpur)। কিন্তু অধিৱেশনখনক অনুষ্ঠিত হোৱাৰ পূৰ্বেই বিভিন্নজনৰ মনত সৃষ্টি হৈছে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি ৷

অধিৱেশনখনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত শুকুৰবাৰে অধিৱেশনস্থলীত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ (Student protest against MLA at Lakhimpur) । মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম নাৰায়ণপুৰ অধিৱেশনৰ স্বেচ্ছাসেৱক উপ সমিতিৰ সম্পাদক ড৹ দিপক দাসক অপমান কৰাৰ অভিযোগ ছাত্ৰ-ছাত্ৰীৰ ।

বিহপুৰীয়াৰ বিধায়ক তথা অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি অমিয় কুমাৰ ভূঞাই অপমান কৰাৰ অভিযোগ অধ্যাপক গৰাকীক (MLA Amiya Bhuyan misbehaves with professor) ।

এই অভিযোগৰ পাচতে অধিৱেশনস্থলীৰ মুখ্য দ্বাৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে । অমিয় ভূঞা গ' বেক, অসম সাহিত্য সভাত বিধায়ক অমিয় কুমাৰ ভূঞাৰ দাদাগিৰি নচলিব, শিক্ষকক অপমান সহ্য কৰা নহ'ব শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি তোলে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীয়ে । ইফালে এই প্ৰতিবাদ, ক্ষোভ, অসন্তুষ্টিৰ মাজেৰেই তুংগত উঠিছে অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনৰ প্ৰস্তুতি ।

ইতিমধ্যে অধিৱেশনখনী সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে আদৰণি সমিতিও উঠি পৰি লাগিছে । মণিকাঞ্চন ক্ষেত্ৰত মূলমণ্ডপৰ লগতে তিনি হাজাৰ লোকে একেলগে বহি আহাৰ গ্ৰহণ কৰিব পৰাকৈ সাজু কৰি তুলিছে ভোজনালয় (Manikanchan Kshetra at Narayanpur)। মূল প্ৰৱেশদ্বাৰৰ তোৰণৰ কাম প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ কৰি তোলাৰ লগতে গ্ৰন্থ মেলা, বাণিজ্য মেলা, বিজ্ঞান আৰু ললিত কলাৰ বিপনী সমূহৰ কামো প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত বুলি জানিবলৈ দিয়ে আদৰণি সমিতিৰ সভাপতি তথা বিধায়ক অমিয় কুমাৰ ভূঞাই ৷

প্ৰায় দুই হাজাৰ প্ৰতিনিধি একেলগে থাকিব পৰাকৈ নাৰায়ণপুৰৰ বিভিন্ন বিদ্যালয়ত প্ৰতিনিধি শিবিৰ সাজু কৰি তুলিছে । সভাস্থলীৰ সমীপত প্ৰায় ৩০ হাজাৰ চাৰিচকীয়া বাহন পাৰ্কিং কৰিব পৰাকৈ বৃহৎ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে । ৬ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে অনুষ্ঠিত কৰিবলৈ লোৱা অধিৱেশনখনিৰ নিৰ্ধাৰিত কুপনৰ ধন হাতলৈ নহাত কিছু আৰ্থিক সংকটৰ পৰাও মুক্ত হ’ব পৰা নাই আদৰণি সমিতি ।

ইপিনে অধিৱেশন উপলক্ষ্যে প্ৰকাশ পাব লগা ৭০০ পৃষ্ঠা জোৰা স্মৃতিগ্ৰন্থৰ কামো প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত । উক্ত অধিৱেশনতে শতাধিক গ্ৰন্থও উন্মোচন কৰা হ’ব বুলি জানিবলৈ দিছে আদৰণি সমিতিয়ে । বহুকেইটা গ্ৰুপত অধিৱেশনখন পৰিৱেশন কৰিব পৰাকৈ পাঁচশ যোৰা গায়ন বায়ন, পাঁচশ চালি নৃত্য, পাঁচশগৰাকী শিল্পীৰ দ্বাৰা জাতীয় সংগীত পৰিৱেশন কৰিবলৈ বহু কেইটা স্থানত অনুশীলন অব্যাহত ৰাখিছে বুলিও জানিবলৈ দিয়ে অমিয় কুমাৰ ভূঞাই ।

লগতে পঢ়ক: Amiya Bhuyan in controversy: শিক্ষকক দুৰ্ব্যৱহাৰ কৰি ছাত্ৰসমাজৰ ৰোষত পৰিল বিধায়ক অমিয় ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.