ETV Bharat / state

শ্ৰীশ্ৰী বদলা পদ্ম আতাৰ ৪৭৪ সংখ্যক জন্ম জয়ন্তী উদযাপন

author img

By

Published : Jun 2, 2020, 12:39 PM IST

Updated : Dec 29, 2022, 12:39 PM IST

দেশজুৰি বাহাল থকা লক ডাউনৰ বাবে মহাপুৰুষ জনৰ ৪৭৪ সংখ্যক জন্ম জয়ন্তী ভাগ উলহ মালহেৰে উদযাপন কৰিব পৰা নাই তেঁওৰ শিষ্য সকলে ৷ মহাপুৰুষ মাধৱদেৱে উজনি অসমত ধৰ্মপ্ৰচাৰক হিচাপে দ্বায়িত্ব অৰ্পন কৰিছিল এই গৰাকী মহাপুৰুষ শ্ৰীশ্ৰী বদলা পদ্ম আতাক ৷

474 birth annivarsary of Bodola padma aata celebrated in Assam
শ্ৰীশ্ৰী বদলা পদ্ম আতাৰ ৪৭৪ সংখ্যক জন্ম জয়ন্তী উদযাপন

বিহপুৰীয়া, 2 জুন: আজি অসমৰ তৃতীয়জন মহাপুৰুষ হিচাপে স্বীকৃত শ্ৰীশ্ৰী বদলা পদ্ম আতাৰ ৪৭৪ সংখ্যক জন্ম জয়ন্তী ৷ মহাপুৰুষ মাধৱদেৱে উজনি অসমত ধৰ্মপ্ৰচাৰক হিচাপে দ্বায়িত্ব অৰ্পন কৰিছিল এই গৰাকী মহাপুৰুষ শ্ৰীশ্ৰী বদলা পদ্ম আতাক ৷ উক্ত দায়িত্ব লাভ কৰাৰ পাছতেই নাৰায়ণপুৰৰ বদলা পদ্মআতা সত্ৰৰ পৰা মাজুলীৰ কমলাবাৰী সত্ৰলৈকে উজনি অসমত মুঠ ২৪ খন সত্ৰ প্ৰতিষ্ঠা কৰিছিল গুৰুজনে ৷

কিন্তু বৰ্তমান সময়ত কৰ'ণা সন্ত্ৰাসৰ বাবে দেশজুৰি বাহাল থকা লক ডাউনৰ বাবে মহাপুৰুষ জনৰ ৪৭৪ সংখ্যক জন্ম জয়ন্তী ভাগ উলহ মালহেৰে উদযাপন কৰিব পৰা নাই শিষ্য সকলে ৷ উল্লেখ্য যে, লক ডাউনৰ বাবে পদ্ম আতাৰ জন্মোৎসৱ ভাগ কেৱল পতাকা উত্তোলনেৰেই সামৰিব লগা হ'ল জন্মস্থান সক্ৰাহী সত্ৰত ৷ তেঁওৰ জন্মস্থানৰ উপৰিও চতিয়া, তেজপুৰ গেৰুৱা, গুৱাহাটী, বৰজহা (নগাঁও), মৰিগাঁৱৰ লালাবৰী, মাজুলী আদি ঠাইতো অনুষ্টুপীয়াকৈ পালন কৰা হৈছে বৈষ্ণৱ গুৰু গৰাকীৰ জন্মোৎসৱ ৷

উল্লখ্য যে, বদলা পদ্ম আতা সেৱা সমিতিৰ উদ্যোগত প্ৰত্যেক বছৰে কেন্দ্ৰীয়ভাৱে ৰাজ্যৰ নিৰ্দিষ্ট স্থানত মহাপুৰুষ জনাৰ জন্মোৎসৱ পালন কৰি আহিছে শিষ্যসকলে ৷ কিন্তু এই বৰ্ষত কৰ'ণা মহামাৰীৰ বাবে সামাজিক দূৰত্ব মানি চলি নূণ্যতম ভক্তৰ উপস্থিতিত সেৱা সমিতিৰ পতাকা উত্তোলনেৰেই সামৰিব লগা হ'ল অনুষ্ঠান ৷

উল্লেখযোগ্য যে, উক্ত জন্মোৎসৱৰ লগত সংগতি ৰাখি সেৱা সমিতিয়ে অনলাইন যোগে আয়োজন কৰিছে এখন একক খোল বাদন আৰু সত্ৰীয়া নৃত্যৰ প্ৰতিযোগিতা ৷ 2 জুনৰ পৰা 6 জুনৰ ভিতৰত baruahupen2013@gmail.com আৰু atulbhuyan123@gmail.com যোগে ইচ্ছ্যুক প্ৰতিযোগীয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব ৷ পৰৱৰ্তী সময়ত বিচাৰকৰ বিচাৰৰ ভিত্তিত ১২ জুনত ফলাফল ঘোষণা কৰা হ'ব বুলি জানিবলৈ দিছে পদ্ম আতা সেৱা সমিতিৰ সাধাৰণ সম্পাদক উপেন চন্দ্ৰ বৰুৱাই ৷

Last Updated : Dec 29, 2022, 12:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.