নাৰায়নপুৰ, 6 ছেপ্তেম্বৰঃ বিজেপিত যোগদানৰ বাবে আগ্ৰহী ৰাজ্যৰ প্ৰায় ৩ হাজাৰ গড় চিকাৰী ৷ এই বিস্ফোৰক স্বীকাৰোক্তি ১০ মাহ কাৰাবাস খাটি ওলাই অহা বাবুল দাস নামৰ এজন গড় চিকাৰীৰ ৷ 2019 চনৰ 25 নৱেম্বৰত গড় চিকাৰৰ ঘটনাত ধৰা পৰি প্ৰায় 10 মাহ গোলাঘাট কাৰাগাৰত কাৰাবাস খাটিবলগীয়া হয় ৪০ বৰ্ষীয় চোৰাং চিকাৰীজনে ৷ চিকাৰীজনে জনোৱা অনুসৰি ৰাজ্যৰ প্ৰায় ৩০০০ গড় চিকাৰী মূল সুঁতিলৈ উভতি আহি চৰকাৰৰ বাবে কাম কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে ৷ আনহাতে, এশিঙিয়া গড়ৰৰ সুৰক্ষাৰ বাবেও কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বাবুল দাসে ৷
লগতে পঢ়ক-ডিব্ৰুগড় আৰক্ষীৰ জালত শিশু নিৰ্যাতনৰ অভিযুক্ত দম্পতী