ETV Bharat / state

চৰকাৰী পেন্সনাৰ সন্থাৰ অধিবেশন: লক্ষীমপুৰৰ নাম সলাইছিল কোনে ? - বাৰ্ষিক অধিবেশন

Pensioner Association Meeting: লখিমপুৰত চৰকাৰী পেন্সনাৰ সন্থাৰ লখিমপুৰ শাখাৰ ২২ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনখন আৰম্ভ হৈছে । সোমবাৰে জিলা চৰকাৰী পেন্সনাৰ ভৱনত এদিনীয়া কাৰ্যসূচীৰে এই অধিবেশনখন আৰম্ভ কৰা হৈছে ।

22nd Biennial Conference of Government Pensioners Association Lakhimpur Branch
চৰকাৰী পেন্সনাৰ সন্থাৰ অধিবেশন
author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 5:13 PM IST

চৰকাৰী পেন্সনাৰ সন্থাৰ অধিবেশন

লখিমপুৰ, ১৮ ডিচেম্বৰ : চৰকাৰী পেন্সনাৰ সন্থাৰ লখিমপুৰ শাখাৰ ২২ তম দ্বি বাৰ্ষিক অধিবেশনৰ আৰম্ভণি । চৰকাৰী পেন্সনাৰ সন্থাৰ লখিমপুৰ শাখাৰ ২২ তম দ্বি-বাৰ্ষিক অধিবেশনখন সোমবাৰে লখিমপুৰৰ চৰকাৰী পেন্সনাৰ ভৱনত অনুষ্ঠিত হয় । এদিনীয়াকৈ আয়োজন কৰা এই অধিবেশন উপলক্ষে পুৱা সামুহিক চাফাই কাৰ্যসূচী হাতত লোৱা হয় ৷ চাফাই কাৰ্যসূচীৰ পাচতে সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ লখিমপুৰ শাখাৰ সভাপতি মাধৱ হাজৰিকাই । স্মৃতি তৰ্পণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে সন্থাৰ উপ-সভাপতি অৰুণ চন্দ্ৰ তামুলীয়ে ।

এই কাৰ্যসূচীসমূহত কাৰ্যকৰী সমিতিৰ সম্পাদক গুণাৰাম নৰহ, অভ্যৰ্থনা সমিতিৰ সভাপতি সেৱক চন্দ্ৰ হাজৰিকা, উপ-সভাপতি প্ৰসন্ন কে গগৈ, সম্পাদক নন্দেশ্বৰ নাথ, সহ-সম্পাদকদ্বয় ইন্দ্ৰ গগৈ, মাখন শইকীয়া আদি বিষয়ববীয়া তথা সদস্যসকলে অংশগ্ৰহণ কৰে । বিষয় বাচনি সভাকে ধৰি এই অধিবেশন উপলক্ষে মুকলি সভা অনুষ্ঠান আদি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয় । জিলাখনৰ পাঁচ শতাধিক লোক এই অধিবেশনত সমবেত হ’ব বুলি অভ্যৰ্থনা সমিতিয়ে আশা প্ৰকাশ কৰিছে । অভ্যৰ্থনা সমিতিৰ সভাপতি সেৱক চন্দ্ৰ হাজৰিকাই আজিৰ এই সভাতে নতুন এখন কমিটী গঠন কৰি কামসমূহ সুচাৰুৰূপে আগবঢ়াই নিয়াৰ কথা উল্লেখ কৰে ৷ চৰকাৰী পেন্সনাৰ সন্থাৰ বিভিন্ন দাবী আৰু সমস্যাসমূহ চৰকাৰৰ আগত উপস্থাপন কৰাৰ কথাও মন্তব্য কৰে তেওঁ ৷

কাৰ্যসূচীসমূহত বিধায়ক মানৱ ডেকা, নৰেন হাজৰিকা, কিনাৰাম গগৈকে ধৰি ভালেখিনি বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা । মুকলি সভাত কেইবাটাও জ্বলন্ত সমস্যাৰ ওপৰত সন্থাই প্ৰস্তাৱ গ্ৰহণ কৰিব বুলি বিষয়ববীয়া সকলে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : লখিমপুৰত মুৱাই-থাই সমৰকলাৰ প্ৰতিযোগিতা অনুষ্ঠিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.