ETV Bharat / state

বিভাগীয় মৰ্যাদাৰে শেষ বিদায় আৰক্ষী বিষয়া অমৰ গগৈক

author img

By

Published : Sep 4, 2022, 4:07 PM IST

অমৰ গগৈয়ে 2006 চনত চাকৰিত যোগদান কৰি বিগত 16 বছৰে 13 এপিবিএনত কৰ্মৰত হৈ আছিল(13th APBN Jowan Amar Gogoi) ৷ অমৰ গগৈৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে তেওঁ বাসস্থান লখিমপুৰৰ তেলাহী গাঁৱৰ লগতে ত্ৰয়োদশ আৰক্ষী বাহিনীৰ শিবিৰত ৷ অমৰ গগৈৰ বাসগৃহত অজস্ৰ গুণমুগ্ধই ফুলেৰে তেওঁক অন্তিম শ্ৰদ্ধাঞ্জলী জনায়(Last Rites of Amar Gogoi) ।

13th APBN Jowan Amar Gogoi cremated with police department status in Lakhimpur
লখিমপুৰত আৰক্ষীৰ বিভাগীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন অমৰ গগৈৰ

লখিমপুৰ, ৪ ছেপ্টেম্বৰ: লখিমপুৰত আজি আৰক্ষীৰ বিভাগীয় মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয় ত্ৰয়োদশ আৰক্ষী বাহিনীৰ জোৱান অমৰ গগৈৰ(Amar Gogoi cremated with police department status) ৷ শুকুৰবাৰে নিশা লখিমপুৰৰ লীলাবাৰী বেটেলিয়ন কেম্পত হঠাৎ মূৰ ঘুৰাই পৰি অচেতন হৈ পৰে অমৰ গগৈ ৷ তেওঁক লগে লগে লখিমপুৰ মেডিকেল কলেজত(Lakhimpur Medical College) ভৰ্তি কৰোৱা হয় ।

কিন্তু চিকিৎসকৰ অশেষ চেষ্টাৰ পাছতো শনিবাৰে নিশা প্ৰায় ১০ বজাত চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে আৰক্ষী জোৱানজনে । অমৰ গগৈৰ(13th APBN Jowan Amar Gogoi) অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে তেওঁ বাসস্থান লখিমপুৰৰ তেলাহী গাঁৱৰ লগতে ত্ৰয়োদশ আৰক্ষী বাহিনীৰ শিবিৰত ৷ অমৰ গগৈয়ে ২০০৬ চনত চাকৰিত যোগদান কৰি বিগত 16 বছৰে 13 এপিবিএনত কৰ্মৰত হৈ আছিল ৷

অমৰ গগৈৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতেই 13 এপিবিএনৰ অধিনায়কে বিভাগীয় মৰ্যদাৰে তেওঁৰ শেষকৃত্য কৰাৰ নিৰ্দেশ দিয়ে ৷ ইয়াৰ পাছতেই দেওবাৰে পুৱা বিভাগীয় মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয় অমৰ গগৈৰ । অমৰ গগৈৰ শেষকৃত্যত তেখেতৰ বাসগৃহত অজস্ৰ গুণমুগ্ধই ফুলেৰে তেওঁক অন্তিম শ্ৰদ্ধাঞ্জলী জনায় ।

লগতে পঢ়ক: বিদ্যালয়লৈ গৈ ঘৰলৈ উভতি নাহিল কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.