কোকৰাঝাৰ, 30 আগষ্ট : হাতত স্মাৰ্টফোন থাকিলেই আজিকালি একাংশই নিজকে সাংবাদিক বুলি জ্ঞান কৰে । কিছুমান নুসুধিবলগীয়া প্ৰশ্ন উত্থাপন কৰে । এনে প্ৰশ্নৰ উত্তৰ দিলে কাৰোবাক আঘাত কৰাও হ’ব পাৰে নতুবা বিভিন্ন জাতি-জনগোষ্ঠীৰ স্বাভিমানত আঘাত হানিব পাৰে । এই মন্তব্য বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ ।
![Workshop on Development Journalism at Kokrajhar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-01-kjr-promadboro-workshop-photo-10044_29082021175805_2908f_1630240085_592.jpg)
দেওবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এদিনীয়া কাৰ্যসূচীৰে ডেভেলপমেণ্ট জাৰ্ণেলিজিমৰ ওপৰত এখন কৰ্মশালা আয়োজিত কৰা হয় ৷ এই কৰ্মশালাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে এই মন্তব্য কৰে ।
তেওঁ সাংবাদিকে প্ৰশ্ন সুধিলেই নহয় বৰং বিষয়বস্তুৰ লগত সংগতি ৰাখি প্ৰশ্ন সুধিব লাগে বুলি উল্লেখ কৰে ৷ তেওঁ একাংশই হাতত স্মাৰ্টফোন লৈ হকে-বিহকে প্ৰশ্ন কৰা মানে সাংবাদিকতা নুবুজায় বুলিও মন্তব্য কৰে । বড়োৱে লগতে কোকৰাঝাৰ প্ৰেছ ক্লাবক ভূয়সী প্ৰশংসা কৰি সাংবাদিকে দৃষ্টি আকৰ্ষণ কৰা বহু কাম চৰকাৰে তাৎক্ষণিকভাৱে সম্পন্ন কৰিছে বুলি মন্তব্য কৰি চৰকাৰে সাংবাদিকৰ বাবে বৰ্তমান কেইবাখনো আঁচনি গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ।
![Workshop on Development Journalism at Kokrajhar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-01-kjr-promadboro-workshop-photo-10044_29082021175805_2908f_1630240085_254.jpg)
বিটিআৰৰ সদৰ কোকৰাঝাৰত সাংবাদিকৰ বাবে অতিথিশালা নিৰ্মাণ কৰাৰ কথা কৰ্মশালাত ঘোষণা কৰি বিটিআৰৰ অন্তৰ্গত প্ৰেছ ক্লাবসমূহৰ বাবে অনুদান আগবঢ়োৱা হ’ব বুলি জানিবলৈ দিয়ে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে । অনুষ্ঠানত বিটিআৰৰ কাৰ্যবাহী সদস্য দাওবৈছা বড়ো উপস্থিত থাকি সাংবাদিক জীৱনৰ স্মৰণীয় ঘটনাসমূহ উল্লেখ কৰাৰ লগতে ডেভেলপমেণ্ট জাৰ্ণেলিজিমৰ সম্পৰ্কত মূল্যবান ভাষণ ৰাখে ।
![Workshop on Development Journalism at Kokrajhar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-01-kjr-promadboro-workshop-photo-10044_29082021175805_2908f_1630240085_737.jpg)
কোকৰাঝাৰ প্ৰেছ ক্লাবৰ সভানেত্ৰী মনালিছা শৰ্মাৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা এই কৰ্মশালাত সমল ব্যক্তি হিচাপে চিৰাং জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া গগণ নাৰ্জাৰী, জ্যেষ্ঠ সাংবাদিক প্ৰীতম ব্ৰহ্ম চৌধুৰী, কিশোৰ সৰকাৰ উপস্থিত থাকে । কৰ্মশালাত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ প্ৰায় শতাধিক সাংবাদিকে অংশগ্ৰহণ কৰে ৷ কৰ্মশালাৰ অন্তত প্ৰতিগৰাকী সাংবাদিকক মানপত্ৰ বিতৰণ কৰা হয় ।
লগতে পঢ়ক : অসম বন বিদ্যালয়ত গঁড়ৰ খৰ্গ বিনষ্টকৰণ সন্দৰ্ভত ৰাজহুৱা শুনানী গ্ৰহণ