গোঁসাইগাঁও,31 অক্টোবৰ : গোঁসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে নিশৈা শিমূলটাপু আৰক্ষীয়ে অভিযান চলাই UP38/T3222 নম্বৰৰ এখন কাঠৰ বিট ভৰ্তি ট্ৰাক জব্দ কৰে ৷

জানিব পৰা মতে,মেঘালয়ৰ বৰ্নিহাটৰ পৰা কাঠৰ বিট দিল্লীলৈ নিয়াৰ সময়তে গোপন খবৰৰ ভিত্তিত শিমূলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জীৱন দৈমাৰীয়ে কাঠৰ বিট ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালক নদিম খান আৰু ট্ৰাকখনৰ হেণ্ডিমেন ছাহেদ হুছেইনক আটক কৰে ।

দুয়োজন চোৰাং কাঠ সৰবৰাহকাৰীৰ ঘৰ উত্তৰ প্ৰদেশৰ ছাম্বলত । জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য 10 লাখ টকা বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ পাইছে ।
লগতে পঢ়ক : মণিপুৰত আৰক্ষীৰ অভিযানত 435 কেজি ব্ৰাউন চুগাৰ জব্দ