ETV Bharat / state

কোকৰাঝাৰত নাৰী নিৰাপত্তাক লৈ চিন্তিত মহিলা সংগঠন ! - কোকৰাঝাৰত নাৰী নিৰাপত্তা ?

ল'ক্ ডাউনৰ সময় চোৱাত কোকৰাঝাৰ জিলাত নাৰী নিৰ্যাতন, শিশু নিৰ্যাতন আৰু ধৰ্ষণৰ অপচেষ্টা আদি ঘটনা ব্যাপক হাৰত বৃদ্ধি পাইছে ৷ কিন্তু জিলা প্ৰশাসনে আজিও দোষিক কঠোৰ শাস্তি দিব পৰা নাই । এই অভিযোগ শিশু কল্যাণ পৰিষদৰ অধ্যক্ষা মালতী ৰাণী নাৰ্জাৰীৰ ৷

Women's Organization Concerned for Women's Safety in Kokrajhar

author img

By

Published : Jul 1, 2020, 4:29 AM IST

কোকৰাঝাৰ, 1 জুলাই : দেশ তথা ৰাজ্যত দিনক দিনে মহিলা ওপৰত হৈ থকা আক্ৰমণ আৰু নিৰ্যাতনৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কোকৰাঝাৰবাসীৰ মাজত । মঙলবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত বিপিএফ মহিলা সমিতি আৰু কোকৰাঝাৰ শিশু কল্যাণ পৰিষদে যৌথ ভাবে আয়োজিত এখন সংবাদমেলত জিলা প্ৰশাসন লগতে বিটিচি প্ৰশাসনে এই বিষয়টোৰ ওপৰত কোনো ধৰণ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে ।

চি ডব্লিউ চি তথা শিশু কল্যাণ পৰিষদৰ অধ্যক্ষা মালতী ৰাণী নাৰ্জাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ল'ক্ ডাউনৰ সময় চোৱাত কোকৰাঝাৰ জিলাত ব্যাপক হাৰত বৃদ্ধি পাইছে নাৰী নিৰ্যাতন, শিশু নিৰ্যাতন আৰু ধৰ্ষণৰ অপচেষ্টা আদি ঘটনাবোৰ ৷ কিন্তু জিলা প্ৰশাসনে আজিও দোষিক কৰায়ত্ত কৰি কঠোৰ শাস্তি দিবলৈ সক্ষম হোৱা নাই ।

উদাহৰণ স্বৰূপে, যোৱা 28 জুনত এগৰাকী মহিলাক নিজ স্বামীয়ে দুই ঘটকৰ লগত মিলি ডিঙি কাটি হত্যা কৰা কাৰ্যয়ে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল জিলাখনত । আনহাতে নাৰী আৰু শিশু নিৰ্যাতন ঘটনাও বহু আছে যদিও এই ক্ষেত্ৰত প্ৰশাসন কঠোৰ হোৱা পৰলক্ষিত হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে শিশু কল্যাণ পৰিষদৰ অধ্যক্ষা মালতী ৰাণী নাৰ্জাৰীয়ে ।

লগতে চাওক-ৰাজ্যত ঔষধৰ নাটনিৰ অভিযোগ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.