ETV Bharat / state

কোকৰাঝাৰত পূজা ঘৰত মহিলাৰ আত্মহত্যা ! - woman suicide

কোকৰাঝাৰত সোমবাৰে পুৱা এগৰাকী মহিলাই পুজা গৃহত আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলজুৰি । আত্মহত্যা কৰা অঞ্জনা সোণাৰ নামৰ মহিলা গৰাকীয়ে বিগত ১৫ দিনৰ পৰা বেমাৰত ভুগিছিল সদৰী কৰে স্বামী সন্তোষ সোণাৰে ।

কোকৰাঝাৰ
কোকৰাঝাৰত পূজা ঘৰত মহিলাৰ আত্মহত্যা !
author img

By

Published : Apr 20, 2020, 6:10 PM IST

কোকৰাঝাৰ,২০ এপ্ৰিলঃ কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত বালাগাঁও বাঙালীপাৰাত সোমবাৰে পুৱা এগৰাকী মহিলাই পুজাগৃহত আত্মহত্যা কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলজুৰি । ডিঙিত চীপ লৈ আত্মহত্যা কৰা মহিলাগৰাকী সন্তোষ সোণাৰৰ পত্নী অঞ্জনা সোণাৰ ।

কোকৰাঝাৰ
কোকৰাঝাৰত পূজা ঘৰত মহিলাৰ আত্মহত্যা !

মহিলা গৰাকীৰ স্বামী সন্তোষ সোণাৰৰ ভাষ্য অনুসৰি,সোমবাৰে পুৱা অঞ্জনা সোণাৰে টোপনিৰ পৰা উঠি অলপ সময় ইফাল-সিফাল কৰাৰ পিছতে সন্ধানহীন হয় ঘৰৰ পৰা। ঘৰলৈ বহু সময় ধৰি উভতি নহাত নদীত কাপোৰ ধুবলৈ যোৱা বুলি সন্দেহ কৰি নদীৰ ঘাটলৈ বিচাৰি যায় স্বামী সন্তোষ সোণাৰে । কিন্তু তাত বিচাৰি নাপালে পত্নী অঞ্জনা সোণাৰক। তাৰ কিছু সময় পাচতে নিজ বাসগৃহৰ পূজাগৃহত অঞ্জনা সোণাৰৰ মৃতদেহ চীপজৰী লগোৱা অৱস্থাত উদ্ধাৰ হয় ।

ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াৰ পাচতে আৰক্ষীয়ে দণ্ডাধীশসহ ঘটনাস্থলীত উপস্থিতিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আনহাতে,স্বামী সন্তোষ সোণাৰে সদৰী কৰা অনুসৰি,বিগত ১৫ দিনৰ পৰা বেমাৰত ভুগিছিল অঞ্জনা সোণাৰ । লক ডাউনৰ বাবেই চিকিৎসকৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল স্বামী সন্তোষ সোণাৰ।

লগতে চাওকঃ 28 দিনৰ অন্তত মঙলবাৰৰ পৰা পৰা জনতা ভৱনত পুনৰ আৰম্ভ হ'ব কাম কাজ

28 দিনৰ অন্তত মঙলবাৰৰ পৰা পৰা জনতা ভৱনত পুনৰ আৰম্ভ হ'ব কাম কাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.