কোকৰাঝাৰ, ১৩ জানুৱাৰী : কোকৰাঝাৰ থানাৰ অন্তৰ্গত চেচাপানী গাঁৱত দেওবাৰে নিশা এগৰাকী বিবাহিতা মহিলাক দুৰ্বৃত্তই ফাঁচি লগাই হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ হত্যাৰ বলি হোৱা মহিলাগৰাকী সুখজান বিবি( ৩৮ ) বুলি চিনাক্ত কৰা হৈছে ৷ প্ৰাপ্ত তথ্য মতে, চেচাপানী গাঁৱৰ আমিৰ আলি মণ্ডলৰ পত্নী সুখজান বিবি দেওবাৰে সন্ধিয়াৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ আৰম্ভ কৰে ৷ বহু বিচাৰ খোচাৰৰ অন্তত নিশা প্ৰায় ১১ বজাত কাষৰে ধাননি পথাৰত সুখজান বিবিৰ অৰ্ধ উলংগ মৃতদেহটো ফাঁচি লগোৱা অৱস্থাত উদ্ধাৰ হয় ৷
লগতে পঢ়ক: প্ৰস্তাৱিত এনডিএফবি চুক্তিক লৈ দুদূল্যমান পৰিস্থিতি
আনহাতে ঘটনা সন্দৰ্ভত সুখজান বিবিৰ পৰিয়ালে কোকৰাঝাৰ সদৰ থানাত এক গোচৰ ৰুজু কৰিছে ৷ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ২৬/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰু প্ৰাথমিক তদন্তত সুখজানক হত্যা কৰা হৈছে বুলি জানিবলৈ দিছে ৷ আৰক্ষীয়ে ইতিমধ্যে দেওবাৰে নিশাই শুকুৰ সেখ আৰু মৃত মহিলাগৰাকীৰ স্বামী আমিৰ আলি মণ্ডলক সোধপোছৰ বাবে আটক কৰে ৷ ইপিনে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ উপ সভাপতি চফীকুল ইছলামে ২৪ ঘন্টাৰ ভিতৰত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে ৷