ETV Bharat / state

ডাইনী সজাই গোসাইগাঁৱত মাৰপিট মহিলাক - ডাইনীৰ সন্দেহত হত্যাৰ চেষ্টা এগৰাকী মহিলাক

মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা ৷ ডাইনীৰ সন্দেহত হত্যাৰ চেষ্টা এগৰাকী মহিলাক (Mob tried to kill woman suspicion of witch)৷ একবিংশ শতিকাতো অন্ধবিশ্বাসৰ কবলত পৰি এগৰাকী পুৰোহিতৰ উচতনিত গাঁওবুঢ়াৰ লগতে গঞাই ডাইনী সজাই মাৰপিট কৰে এগৰাকী মহিলাক ৷ সবিশেষ এই প্ৰতিবেদনত...

Witch hunting in Assam
ডাইনী সজাই গোসাইগাঁৱত মাৰপিট এগৰাকী মহিলাক
author img

By

Published : Aug 30, 2022, 6:44 PM IST

Updated : Aug 30, 2022, 8:57 PM IST

কোকৰাঝাৰ, 30 আগষ্ট : একবিংশ শতিকাৰ বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যুগত আজিও একাংশ ব্যক্তি অন্ধবিশ্বাসৰ কবলৰ পৰা মুক্ত হ’ব পৰা নাই (Witch hunting in Assam)। পুনৰ ডাইনীৰ সন্দেহত এগৰাকী মহিলাক আক্ৰমণৰ দৰে ঘটনা সংঘটিত হৈছে এইখন অসম মুলুকত । এইবাৰ ঘটনাৰ স্থান গোসাইগাঁও মহকুমাৰ শৰাইবিল আৰক্ষী চকীৰ অন্তৰ্গত মজাতি গাঁও (Witch Hunting in Kokrajhar) ৷

ডাইনী সজাই গোসাইগাঁৱত মাৰপিট এগৰাকী মহিলাক

তথ্য অনুসৰি, সোমবাৰে নিশা মজাতি গাঁৱৰ নিবাসী নিলকমল ৰাভা নামৰ এগৰাকী পুৰোহিতে একেখন গাঁৱৰে এটা দম্পত্তিক তেওঁৰ আশ্ৰমলৈ মাতি আনে ৷ তাৰ পাচত ডাইনী বুলি অপবাদ দিয়ে মহিলাগৰাকীক ৷ কেৱল অপবাদ দিয়াই নহয়, অভিযুক্ত পুৰোহিতজনে ডাইনী বুলি উপুৰ্যপৰি আক্ৰমণ কৰে ভুক্তভোগী দম্পত্তিটোক ৷

ডাইনী সজাই গোসাইগাঁৱত মাৰপিট মহিলাক
ডাইনী সজাই গোসাইগাঁৱত মাৰপিট মহিলাক

আনকি ডাইনীৰ সন্দেহত অভিযুক্ত পুৰোহিতজনে ভুক্তভোগী মহিলাগৰাকীক মাৰ-ধৰ কৰিবলৈ গতাই দিয়ে গঞা ৰাইজক ৷ তাৰ পাচতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি ৷ ইফালে পৰিস্থিতি অধিক বিষম দেখি ভুক্তভোগী মহিলাগৰাকীৰ ককায়েকে ঘটনা সন্দৰ্ভত খবৰ দিয়ে শৰাইবিল আৰক্ষীক ৷

ডাইনী সজাই গোসাইগাঁৱত মাৰপিট মহিলাক
ডাইনী সজাই গোসাইগাঁৱত মাৰপিট মহিলাক

খবৰ লাভ কৰিয়েই নিশাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মানিক দেৰ নেতৃত্বত এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ আনকি উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্ত পুৰোহিতজনক আটক কৰিবলৈ যায় ৷ কিন্তু পুৰোহিতজনে ত্ৰিশূলেৰে কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰি আৰক্ষীৰ নেমপ্লেট কাঢ়ি লৈ যায় ৷

ডাইনী সজাই গোসাইগাঁৱত মাৰপিট মহিলাক
ডাইনী সজাই গোসাইগাঁৱত মাৰপিট মহিলাক

অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীয়ে আটক কৰে অভিযুক্ত পুৰোহিতজনক ৷ লগতে জব্দ কৰে ত্ৰিশূলপাত ৷ আনহাতে, পুৰোহিতৰ ত্ৰিশূলপাত জব্দ কৰাৰ বাবে মঙলবাৰে পুৱাই অঞ্চলটোৰ বহু ৰাইজ একত্ৰিত হৈ আৰক্ষী চকী ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ অৱশ্যে পৰৱৰ্তী সময়ত মহকুমা আৰক্ষী বিষয়া নৱনিতা শৰ্মা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : বৃদ্ধক ডাইনী সজাই হত্যাৰ চেষ্টা শোণিতপুৰত

Last Updated : Aug 30, 2022, 8:57 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.