ETV Bharat / state

আজি অন্ত পৰিব হাগ্ৰামা মহিলাৰীৰ শাসন - সাংসদ নৱ শৰণীয়া

বিটিএডিত বি পি এফ দলৰ বিগত শাসনক লৈ সুখী নহয় বিটিএডিৰ ৰাইজ ৷ দুৰ্নীতিত লিপ্ত বি পি এফ দলক এদিনৰ বাবেও শাসনত থকাটো নিবিচাৰে বিটিএডিৰ ৰাইজেঃ প্ৰমোদ বড়ো

Who will Rule in BTC  for Next 6month
আজি অন্ত পৰিব হাগ্ৰামা মহিলাৰীৰ শাসন
author img

By

Published : Apr 27, 2020, 12:54 PM IST

কোকৰাঝাৰ,27 এপ্ৰিলঃ আজি অন্ত পৰিব বিটিএডিত শাসনৰ বাঘজৰী লোৱা হাগ্ৰামা মহিলাৰীৰ নেতৃত্বৰ বিপিএফৰ পাঁচ বছৰীয়া বিটিচি পৰিষদৰ শাসন ৷ কিন্তু ইয়াকে লৈ এতিয়া বিটিএডিৰ ৰাজনীতিত সৃষ্টি হৈছে ধুমুহাৰ ৷ কাৰণ কাৰ্যকাল অন্ত পৰাৰ লগে লগে তথা বিটিচি নিৰ্বাচন নোহোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া ছমাহৰ বাবে বিটিচিৰ শাসনৰ জৰীডাল ৰাজ্যপালে ল'ব নে হাগ্ৰামা মহিলাৰীৰ শাসনকালৰ ম্যাদ বৃদ্ধি কৰি মহিলাৰীৰ হাততে আগন্তুক ছমাহৰ বাবে শাসনভাৰ থাকিব তাকে লৈ বিটিএডিত অব্যাহত আছে প্ৰতিক্ৰিয়াৰ ৷ এই ক্ষেত্ৰত ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়োৱে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বিটিএডিত বি পি এফ দলৰ বিগত শাসনক লৈ সুখী নহয় বিটিএডিৰ ৰাইজ ৷ দুৰ্নীতিত লিপ্ত বি পি এফ দলক এদিনৰ বাবেও শাসনত থকাটো নিবিচাৰে বিটিএডিৰ ৰাইজে ৷ সেইবাবে বিটিএডিত নিৰ্বাচন নোহোৱা পৰ্যন্ত ৰাজ্যপালৰ হাততে শাসনভাৰ থাকিব লাগে ৷

আজি অন্ত পৰিব হাগ্ৰামা মহিলাৰীৰ শাসন

আনহাতে,গণ সুৰক্ষা পাৰ্টিৰ মুৰব্বী তথা কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াইও বিপিএফৰ কাৰ্যকাল বৃদ্ধিক লৈ তীব্ৰ বিৰোধিতা কৰি নিৰ্বাচন নোহোৱা পৰ্যন্ত শাসনৰ দায়িত্ব ৰাজ্যপালৰ হাতত অৰ্পণ কৰিবলৈ দাবী জনায় ৷ ইপিনে এই সন্দৰ্ভত নিৰ্বাচন নোহোৱালৈকে হাগ্ৰামা মহিলাৰী নে ৰাজ্যপালৰ হাতত আগন্তুক ছমাহৰ বাবে শাসনৰ দায়িত্ব থাকিব সেইয়া আজিৰ ভিতৰতে পোহৰলৈ আহিব ৷

আজি অন্ত পৰিব হাগ্ৰামা মহিলাৰীৰ শাসন

লগতে পঢ়কঃ নিজ গৃহ অভিমুখে ৰাওনা বৰাকত আবদ্ধ বহু লোক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.