কোকৰাঝাৰ ২২ জুলাই: দৈনন্দিন ব্যৱহাৰ্য সা-সামগ্ৰী, ইন্ধন আৰু খাদ্য-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ভোটাৰ্ছ পাৰ্টী ইন্টাৰনেছনেল চমুকৈ ভিপিআই দল ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে কোকৰাঝাৰ চহৰস্থিত মহাত্মা গান্ধী উদ্যান প্ৰাংগণত ভিপিআই দলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Voters Party International protest against price hike) ৷
ভিপিআই দলৰ ৰাজ্যিক সভাপতি ললিত পেগুৰ নেতৃত্বত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দুই শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদকাৰীসকলে ‘‘প্ৰমোদ বড়ো, হাগ্ৰামা ভাই ভাই’’, ‘‘বিজেপি-কংগ্ৰেছ ভাই ভাই’’, ‘‘জিএছটি উঠাই লওক’’, ‘‘বিজিপি হায় হায়’’, ‘‘বিজিপিৰ কাম নাই’’ আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে (Voters Party International protes in Kokrajhar) ৷
ইপিনে সংবাদ মাধ্যমৰ আগত ভিপিআইৰ অসম ৰাজ্যিক সভাপতি ললিত পেগুৱে নিত্য ব্যৱহাৰ্য সা-সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধত শাসকীয় বিজেপি দল চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি মন্তব্য কৰাৰ লগতে বিগত বিটিআৰ নিৰ্বাচনৰ সময়ছোৱাত প্ৰমোদ বড়ো আৰু বিধানসভা নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিবনুৱাক সংস্থাপনৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া পূৰণত ব্যৰ্থ হৈছে ৷
গতিকে চৰকাৰৰ মিথ্যাচাৰৰ বিৰুদ্ধে অহা পহিলা আগষ্টত ভিপিআই দলে এক বৃহৎ মানৱ শৃংখলৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও জানিব দিয়ে ৷
লগতে পঢ়ক: Presidential polls: কোনো ক্ৰছ ভোটিং হোৱা নাই বুলি মন্তব্য বৈজয়ন্ত পাণ্ডাৰ