কোকৰাঝাৰ, ৩০ ছেপ্টেম্বৰ : ৰাজ্যৰ সমাগত উপ নিৰ্বাচনকলৈ ইউ পি পি এলে দলীয় প্ৰাৰ্থী বাচনিৰ বাবে দলৰ জ্যেষ্ঠ নেতা তথা বিটিআৰৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীৰ নেতৃত্বত পাঁচ জনীয়া এটি সমিতি গঠন কৰি দিছে ৷ বৃহস্পতিবাৰে কোকৰাঝাৰৰ নিকটৱৰ্তী চান্দামাৰীস্থিত বডৌফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ইউ পি পি এলৰ কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে সমিতিখন গঠন কৰা হয় ৷
কাৰ্যনিৰ্বাহক সভাৰ অন্তত ইউ পি পি এলৰ সভাপতি তথা বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত এই বিষয়ে সদৰী কৰি কয় যে, উক্ত সমিতিয়ে অহা ২/৩ দিন পিছত দলীয় প্ৰাৰ্থী নিৰ্ণয়ৰ প্ৰক্ৰিয়া সম্পন্ন কৰি দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব ৷ উল্লেখ্য যে, বডৌফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূূূচীৰে বৃহস্পতিবাৰে সম্পন্ন হোৱা ইউ পি পি এলৰ কাৰ্যনিবাহক সভাত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদান্ত গ্ৰহণ কৰা বুলি সদৰী কৰিছে প্ৰমোদ বড়োৱে ৷
লগতে কাৰ্যনিবাহক সভাত ইউ পি পি এল দলে তৃণমূল পৰ্যায়ত দলীয়ভাৱে সকলোৱে মিলিজুলি পূৰ্ণোদ্যোমে কাম কৰাৰ মানসিকতাৰে আগবাঢ়ি যাব বুলি কয় ৷ বড়োলেণ্ডত ৩২ লাখ জনতাক আগুৱাই নিয়াৰ হকে ইউ পি পি এল দলে কাম কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও কয় ইউ পি পি এলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে ৷
লগতে পঢ়ক : অতি শীঘ্ৰে বেদখলমুক্ত হ'ব কলং : ৰূপক শৰ্মা