কোকৰাঝাৰ, 21 মাৰ্চঃ শনিবাৰে কোকৰাঝাৰৰ হাতিমাথাত অৱস্থিত ইউপিপিএল দলৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত হয় ৷ সংবাদমেলত ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োই বিপিএফ দলে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি, বিপিএফ দলৰ বিৰুদ্ধে ৫০ টা অভিযোগ পোৱা বুলি দাবী কৰি পৰৱৰ্তী সময়ত সেই অভিযোগ সমূহ ৰাজহুৱাকৈ জনাব বুলি উল্লেখ কৰে ৷ প্ৰমোদ বড়োই বিটিচিৰ নিৰ্বাচনৰ দিন পিছুৱালেও গণতন্ত্ৰৰ সৰ্বোচ্চ প্ৰক্ৰিয়া নিৰ্বাচনক সন্মান জনাই নিৰ্বাচন মুক্ত আৰু নিকা হ'ব লাগে বুলি উল্লেখ কৰে ৷
লগতে পঢ়কঃ স্থগিত বিটিচি নিৰ্বাচন : নিৰ্বাচন আয়োগৰ সিদ্ধান্তক আদৰণি প্ৰমোদ বড়োৰ