ETV Bharat / state

পৃথ্বী নাৰায়ণ দেৱ মেচৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ

author img

By

Published : Sep 10, 2020, 1:54 PM IST

ইউপিপিএল দলত যোগদান কৰিয়েই এক গুৰুত্বপূৰ্ণ পদবীত অৱস্থান কৰি একনায়কত্ববাদ চলাব গৈ অৱশেষত দলৰ পৰা বহিস্কৃত হোৱা বিৰ্তকিত যুৱ নেতা পৃথ্বী নাৰায়ণ দেৱ মেচৰ বিৰুদ্ধে শেহতীয়াকৈ ইউপিপিএল দলে আৰক্ষী থানাত গোচৰ পৰ্যন্ত ৰুজু কৰিছে ।

UPPL file case against prithvi narayan dev mes

কোকৰাঝাৰ 10 ছেপ্টেম্বৰ : বিটিএডিৰ সমাগত পৰিষদীয় নিৰ্বাচনক লৈ উত্তাল বড়োভূমিৰ ৰাজনীতি । নিৰ্বাচনৰ দিন যিমানে কাষ চাপি আহিছে সিমানে প্ৰচাৰ, দল ত্যাগ, দল সলোৱা কাৰ্যৰ লগতে পৰস্পৰে পৰস্পৰক বাকযুদ্ধৰে থকা সৰকা কৰা আদি ঘটনাই বড়োভূমিৰ ৰাজনৈতিক বতাহ গৰম কৰি ৰাখিছে ।

উল্লেখযোগ্য যে ইউপিপিএল দলত যোগদান কৰিয়েই এক গুৰুত্বপূৰ্ণ পদবীত অৱস্থান কৰি একনায়কত্ববাদ চলাব গৈ অৱশেষত দলৰ পৰা বহিস্কৃত হোৱা বিৰ্তকিত যুৱ নেতা পৃথ্বী নাৰায়ণ দেৱ মেচৰ বিৰুদ্ধে শেহতীয়াকৈ ইউপিপিএল দলে আৰক্ষী থানাত গোচৰ পৰ্যন্ত ৰুজু কৰিছে ।

পৃথ্বী নাৰায়ণ দেৱ মেচৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ

প্ৰণিধান যোগ্য যে দলৰ সভাপতি প্ৰমোদ বড়োক সমালোচনা কৰিব গৈ এটা বিশেষ সম্প্ৰদায়ক মিৰ্জাফৰ আৰু জিন্নাৰ বংশধৰ বুলি তাছিল্য কৰাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ইউপিপিএল দলে ৷ কোকৰাঝাৰত আজি এক সংবাদমেল যোগে ইউপিপিএল দলৰ উপসভাপতি হানিফ আলি আহমেদে বহিষ্কৃত নেতা পৃথ্বী নাৰায়ণ দেৱ মেচে ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োক টাৰ্গেট কৰি কিছু আপত্তিজনক আৰু সাম্প্ৰদায়িক মন্তব্য কৰাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

তেওঁ লগতে ইউপিপিএল দলৰ পৰা আজি কোকৰাঝাৰ সদৰ থানাত পৃথ্বী নাৰায়ণ দেৱ মেচৰ বিৰুদ্ধে এক আইনী গোচৰ তৰা বুলি সদৰী কৰে ৷ আহমেদে সংবাদ মেলত বিৰ্তকিত পৃথ্বী নাৰায়ণ দেৱ মেচে এটা দলৰ এজেন্ট হৈ কাম কৰাৰ অভিযোগ তুলি বিপিএফৰ পৰা ৭০ লাখ টকালৈ বিলাসী হোটেলত লাহ বিলাস কৰি কটায় থকা বুলিও দাবী কৰে ৷

লগতে পঢ়ক : কংগ্ৰেছে হেৰুৱাইছে নৈতিক অধিকাৰ : বিজেপি নেতা লক্ষ্য কোঁৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.