কোকৰাঝাৰ, ১২ নৱেম্বৰ : কোকৰাঝাৰত চলি আছে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল (United Peoples Party Liberal) দলৰ ত্ৰিবাৰ্ষিক অধিবেশন । শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ইউপিপিএল (UPPL) দলৰ তৃতীয় ত্ৰিবাৰ্ষিক অধিবেশনৰ আজি দ্বিতীয় দিন (UPPL annual session at Kokrajhar) ।
কোকৰাঝাৰৰ চন্দ্ৰপাৰাৰ জৌগালু পথাৰত চলি আছে ইউপিপিএলৰ তৃতীয় ত্ৰিবাৰ্ষিক অধিবেশন । অধিবেশনৰ দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে শনিবাৰে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে (UPPL President Pramod Boro) অধিবেশনস্থলীত ইউপিপিএলৰ পতাকা উত্তোলন কৰে । ইয়াৰ পিছতেই শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰে ৰৌণগৌৰা নাৰ্জাৰীয়ে ।
তাৰ পিছত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আদিকে ধৰি ইউপিপিএলৰ নেৰ্তৃবৰ্গই । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতেই ইউপিপিএলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সংবাদ সাধ্যমক সম্বোধন কৰে (BTR Chief Pramod Boro) । তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে বিটিআৰ সম্প্ৰতি শান্তি, সম্প্ৰীতি আৰু সমন্বয়ৰ থলী হৈ পৰিছে ।
অঞ্চলটোলৈ শান্তি ঘূৰি আহিছে আৰু সকলো জাতি-জনগোষ্ঠীৰ মাজত একতা আৰু ভাতৃত্ববোধৰ এনাজৰী মজবুত হৈ পৰিছে । সকলো জাতি-জনগোষ্ঠীৰ সম-উন্নয়ন আৰু সম-বিকাশ নিশ্চিত কৰাৰ ফলতেই বৰ্তমান বড়োলেণ্ডত এক সুস্থ পৰিৱেশে গা কৰি উঠিছে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে (UPPL Conference at Kokrajhar) ।
আনহাতে, সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োৱে কয় যে ৰাজনীতিৰ নামত ৰাজনীতি নহয়, ৰাইজৰ বাবে সুস্থ্য ৰাজনীতি কৰিলেহে ৰাইজৰ মঙ্গল সাধন হয় । ইউপিপিএলে সদায়ে সুস্থ ৰাজনীতিৰ সপক্ষে মাত মাতি আহিছে আৰু সদায়ে ৰাইজৰ হকে ৰাজনীতি কৰা কাৰ্যক প্ৰাধান্য দি আহিছে বুলিও তেওঁ মন্তব্য কৰে ।
ইপিনে আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএলৰ পৰা প্ৰাৰ্থিত্ব দিয়া হ'ব বুলি ইংগিত প্ৰদান কৰি প্ৰমোদ বড়োৱে মঙলদৈ লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীক সমৰ্থন দিয়া হ'ব বুলি ঘোষণা কৰে (MP election 2024) । আনহাতে, প্ৰতিনিধি সভাৰ সিদ্ধান্তমৰ্মে ইউপিপিএলৰ কেন্দ্ৰীয় সমিতি সালসলনি হ'ব পাৰে বুলি ইংগিত প্ৰদান কৰিছে প্ৰমোদ বড়োৱে ।
লগতে পঢ়ক :Himachal Election Polling 2022: আজি হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ