ETV Bharat / state

কোকৰাঝাৰৰ গৌৰৱ ইউ এন একাডেমী - বড়ো মাধ্যমৰ একমাত্ৰ শিক্ষানুষ্ঠান

উচ্চতৰ মাধ্যমিকৰ আজি ঘোষিত ফলাফলত কলা আৰু বিজ্ঞান উভয় শাখাতে এশ শতাংশ ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণই উজ্বলাই তুলিছে কোকৰাঝাৰ ইউ এন একাডেমী নামৰ বড়ো মাধ্যমৰ শিক্ষানুষ্ঠানটোত ৷

বড়ো মাধ্যমৰ একমাত্ৰ শিক্ষানুষ্ঠান ইউ এন একাডেমীৰ সফলতা
author img

By

Published : May 25, 2019, 5:08 PM IST

কোকৰাঝাৰ, 25 মে': উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ আজি ঘোষিত ফলাফলত বড়ো মাধ্যমৰ একমাত্ৰ শিক্ষানুষ্ঠান ইউ এন একাডেমীৰ এশ শতাংশ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হোৱাৰ ফলত উৎফুল্লিত হৈ পৰিছে বিটিএডিৰ সদৰ কোকৰাঝাৰ৷ ফলাফলৰ দিনাই ইউ এন একাডেমীৰ চৌহদত কলা আৰু বিজ্ঞান শাখাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ একোখনকৈ আঁৰনায় আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়৷

বড়ো মাধ্যমৰ একমাত্ৰ শিক্ষানুষ্ঠান ইউ এন একাডেমীৰ সফলতা

ইউ এন একাডেমীৰ সঞ্চালক কৃষ্ণ গোপাল বসুমতাৰীয়ে আঁত ধৰা সম্বধৰ্না অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌড়া ব্ৰহ্ম ৷ উল্লেখ্য যে, শিক্ষানুষ্ঠানটোত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত অৱতীৰ্ণ ১৩৭ গৰাকী শিক্ষাৰ্থীৰ মাজত প্ৰথম স্থানত ৪৯, দ্বিতীয় স্থানত ৭৯ আৰু তৃতীয় স্থানত ০৯ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয় । আনহাতে কলা শাখাত ১৭৪ গৰাকী অৱতীৰ্ণ হৈছিল আৰু তাৰে প্ৰথম স্থানত ৬৮ গৰাকী,দ্বিতীয় স্থানত ৯১ গৰাকী আৰু তৃতীয় স্থানত ১৫গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয় ৷

Intro:উপেন্দ্র নাথ ব্ৰহ্ম অকাডেমি কৃতি ছাত্ৰ ছাত্ৰীক আদৰণি।

কোকৰাঝাৰ : উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ আজি ঘোঁষিত হোৱা ফলাফলত কলা আৰু বিজ্ঞানৰ উভয় শাখাতে এশ শতাংশ ছাত্ৰ ছাত্ৰীৰ উৰ্তীৰ্ণই উজ্বলাই তুলিছে কোকৰাঝাৰ ইউ এন একাডেমি নামৰ বড়ো মাধ্যমৰ শিক্ষানুষ্ঠানটোত ৷

Body:ইফালে বড়ো মাধ্যমৰ একমাত্ৰ শিক্ষানুষ্ঠান ইউ এন একাডেমিয়ে আজি ঘোঁষিত ফলাফলে এশ শতাংশ ছাত্ৰ ছাত্ৰীৰ উৰ্তীৰ্ণৰে গৌৰৱাম্ভিত কৰি তোলাত উৎফুল্লিতহৈ পৰে বিটিএডিৰ সদৰ কোকৰাঝাৰত ৷এই উপলক্ষে কোকৰাঝাৰ ইউ এন একাডেমিৰ চৌহদত আজি হায়াৰ চেকেণ্ডাৰীৰ কলা আৰু বিজ্ঞান শাখাৰ পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উৰ্তীৰ্ণ হোৱা  সৰ্ৱমুঠ গৰাকী ছাত্ৰ ছাত্ৰীক বিদ্যালয় কতৃপক্ষই ফলাফলৰ দিনাই উৎসাহিত কৰিবলৈ একোখনকৈ আঁৰনায় আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰি সন্মোধনা জনাই ৷ ইউ এন একাডেমিৰ সঞ্চালক কৃষ্ণ গোপাল বসুমতাৰীয়ে আঁত ধৰা সন্মোধনা অনুষ্ঠানত মুখ্য অতিথি হিচাৱে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌড়া ব্ৰক্ষ উপস্হিতহৈ কৃতি ছাত্ৰ ছাত্ৰী সকলক সফলতাৰ শিখৰ চুবলৈ কঠোৰ অধ্যয়নৰ লগতে মনোবল বৃদ্ধি কৰিবলৈ আহ্বান দিয়ে ৷উল্লেখ্য যে, শিক্ষানুষ্ঠানটোত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত অৱৰ্তীৰ্ন ১৩৭ গৰাকী শিক্ষাৰ্থীয়ৰ মাজত প্ৰথম স্থানত ৪৯, দ্বিতীয় স্থানত ৭৯ আৰু তৃতীয় স্থানত ০৯ গৰাকী শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হয়। আনহাতে কলা শাখাত ১৭৪ গৰাকী অৱৰ্তীৰ্ন হৈছিল আৰু তাৰে প্ৰথম স্থানত ৬৮ গৰাকী,দ্বিতীয় স্থানত ৯১ গৰাকী আৰু তৃত্বীয় স্থানত ১৫গৰাকী অৱৰ্তীৰ্ণ হয় ৷ আনপিনে আজিৰ কৃতি ছাত্ৰ ছাত্ৰীৰ সন্মোধনা অনুষ্ঠানতে এইবেলি ইউ এন একাডেমি কোকৰাঝাৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত বিষয়ত দুগৰাকী ছাত্রই এশ শতাংশ নম্বৰ লাভ কৰা ক্ৰমে ৰিজু বৰগয়াৰী আৰু প্ৰনয় ব্ৰহ্মাৰ উপৰি শিক্ষাণুষ্ঠানটোত উত্তীৰ্ণ হাৰ ৮৯.১৬% শতাংশ লাভ কৰা মেধা ছাত্র ছাত্ৰী সকলকো বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে একোখনকৈ ট্ৰফি ,কলম আৰু আৰ'নাইৰে সম্বোৰ্ধনা জনোৱা হয়।

Conclusion:উল্লেখণীয় যে,হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ১৬২ গৰাকী তাৰ মাজতে মুঠ ১৪৫ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয় আৰু উত্তীৰ্ণ হাৰ আছিল ৮৯.১৬% ৷  ইয়াৰে প্ৰথম স্থানত ৭৮ গৰাকী , দ্বিতীয় স্থানত ৫৭ আৰু তৃতীয় স্থানত ১০ গৰাকী উৰ্তীৰ্ন হৈছিল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.