কোকৰাঝাৰ, ১ ডিচেম্বৰ: বুধবাৰে পুৱতি নিশা কোকৰাঝাৰৰ নিকৰ্টৱৰ্তী দেৱৰগাঁৱৰ পাখ্ৰিগুৰিত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত দুজন ছাত্ৰই প্ৰাণ হেৰুৱায়(Students killed in accident in Kokrajhar) । জানিব পৰা মতে, কোকৰাঝাৰ চহৰত থকা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান উপভোগ কৰি বুধবাৰে পুৱতি নিশা নাৰাবাৰীলৈ গৈ আছিল লৈথুমা বসুমতাৰী আৰু গেৰমছা স্বৰ্গীয়াৰী । লৈথুমা বসুমতাৰীৰ ঘৰ নাৰাবাৰীত আৰু গেৰমছা স্বৰ্গীয়াৰীৰ ঘৰ বাক্সাৰ শালবাৰীত ।
![Two students died in accident in Kokrajhar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-01-kjr-accident-twostudentdead-byte-photo-10044_01122021130916_0112f_1638344356_314.jpg)
গেৰমছা স্বৰ্গীয়াৰীও লৈথুমাৰ নাৰাবাৰীস্থিত বাসগৃহলৈ বাইকেৰে গৈ আছিল । কিন্তু পাখ্ৰিগুৰিত পথৰ দাঁতিত ৰৈ থকা এখন ডাম্পাৰত বাইকখনে খুন্দিয়ায়(Bike accident in Kokrajhar) । থিতাতে মৃত্যু হয় দুয়োজন ছাত্ৰৰ ।
লৈথুমা বসুমতাৰী M.comৰ ছাত্ৰ আৰু গেৰমছা স্বৰ্গীয়াৰীয়ে দিল্লীৰ এক প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি কেইদিনমান পূৰ্বে ঘৰলৈ আহিছিল । ছাত্ৰ দুজনৰ মৃত্যুৱে সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পেলাইছে ।
লগতে পঢ়ক:Massive Fire in Howly: কদমগুৰিত দমাই থোৱা মৰাপাটৰ পুঁজিত ভয়ংকৰ অগ্নিকাণ্ড