কোকৰাঝাৰ, ১৪ জুন : কোকৰাঝাৰ জিলাৰ অভয়াকুটিৰ হাবিত একেডাল গছতে চিপজৰী লৈ থকা অৱস্থাত সম্পৰ্কীয় দুই নাবালিকা ভগ্নীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ অব্যাহত আছে তীব্ৰ চাঞ্চল্যৰ ৷ এয়া হত্যা নে আত্মহত্যা, তাক লৈ চৰ্চা চলি থকাৰ মাজতে দেওবাৰে ঘটনাৰ বুজ ল’বলৈ কোকৰাঝাৰত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ৰহস্যজনকভাবে গছত চিপজৰী লোৱা অৱস্থাত দুই সম্পৰ্কীয় নাবালিকাৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাচত কোকৰাঝাৰ আৰক্ষীয়ে পাঁচজন যুৱকক আটক কৰিছিল ৷
ঘটনা সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষীয়ে সোমবাৰে পুনৰ দুজন যুৱকক আটক কৰে । কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰা যুৱক দুজন হ'ল শালবাৰী গাঁৱৰ হামিদুৰ শ্বেখৰ পুত্ৰ নাছিবুল আলী শ্বেখ (19) আৰু আমিনুল শ্বেখৰ পুতত্ৰ ফজৰুল শ্বেখ (22) । এই সন্দৰ্ভত কোকৰাঝাৰ থানাত ৰজু হোৱা গোচৰ নং 440/2021 মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 120 (বি) /302 মৰ্মে বৰ্তমানলৈকে সাতজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি সদৰী কৰিছে আৰক্ষীয়ে ।
জিলা আৰক্ষী অধীক্ষক থুবে প্ৰতীক বিজয় কুমাৰে ঘটনা সন্দৰ্ভত ধনাত্মক ক্লু লাভ কৰা হৈছে আৰু তদন্ত ক্ষীপ্ৰতাৰে সঠিক পথেৰেই আগবঢ়া বুলি মন্তব্য কৰে । অভয়াকুটিৰ ঘটনাটো চৰকাৰে চিআইডিলৈ হস্তান্তৰ কৰিছে নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত জিলা আৰক্ষী অধীক্ষক থুবে প্ৰতীক বিজয় কুমাৰে আৰক্ষীক সহায় কৰাৰ বাবে চিআইডিৰ দল প্ৰেৰণ কৰা হৈছে আৰু আৰক্ষী আৰু চিআইডি একেলগে কাম কৰি আছে বুলি সদৰী কৰে ৷
লগতে পঢ়ক : প্ৰদীপ হাজৰিকাৰ সন্ধানত মহাবাহুত অব্যাহত উদ্ধাৰ অভিযান