কোকৰাঝাৰ, ২৬ জুলাইঃ সদ্যভংগ এনডিএফবি প্ৰগতিশীল ধীৰেন বড়ো গোটৰ সদস্য অস্ত্ৰসহিতে আটক । অপহৰণ কৰিবলৈ আহি জালত পৰিল আৰক্ষীৰ । কোকৰাঝাৰ জিলাৰ বগৰীবাৰী থানাৰ অন্তৰ্গত টিপকাই এলেকাত অপহৰণ কৰিবলৈ আহি আৰক্ষীৰ জালত পৰে সদ্যভংগ এনডিএফবি প্ৰগতিশীল ধীৰেন বড়ো গোটৰ দুই সদস্য । অপহৰণ কৰিবলৈ আহি আৰক্ষীৰ জালত পৰা সদ্যভংগ এনডিএফবি প্ৰগতিশীল ধীৰেন বড়ো গোটৰ সদস্য দুগৰাকী হ'ল ক্ৰমে চিৰাং জিলাৰ আমটেকাৰ মহন্ত নাৰ্জাৰী আৰু ওদালগুৰী জিলাৰ দৈফাঙৰ ৰিজয় স্বৰ্গীয়াৰী । ধৃত যুৱকদ্বয়ৰ পৰা আৰক্ষীয়ে এটা ৭.৬৫এমএম পিষ্টল, এটা মেগজিন আৰু সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
ঘটনা সন্দৰ্ভত কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোছনে সদৰি কৰা অনুসৰি, টিপকাই বজাৰৰ পৰা এগৰাকী ব্যাক্তিক দুই যুৱকে অপহৰণ কৰিবলৈ আহিব বুলি তথ্য লাভ কৰাৰ পিছতে কোকৰাঝাৰ আৰক্ষী সক্ৰিয় হৈ পৰে আৰু বজাৰ এলেকাত এখন মটৰচাইকেলত সন্ধিয়া প্ৰায় ৭:৩০ মান বজাত দুজন যুৱক সন্দেহজনকভাৱে ঘূৰি ফুৰাত তেওঁলোকক আটক কৰে আৰু তেওঁলোকৰ পৰা আৰক্ষীয়ে এটা ৭.৬৫এমএম পিষ্টল, এটা মেগজিন আৰু এজাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত সম্প্ৰতি ধৃত যুৱকদ্বয়ক জেৰা অব্যাহত ৰাখিছে । ধৃত যুৱকদ্বয় সদ্যভংগ এনডিএফবি প্ৰগতিশীলৰ ধীৰেন বড়ো গোটৰ সদস্য আছিল আৰু দুয়োজনে চিৰাং জিলাত থাকিছিল বুলি জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোছনে সদৰি কৰিছে ।