ETV Bharat / state

তুলসীবিলৰ আত্মহত্যাৰ বাসগৃহত উপস্থিত দুই কংগ্ৰেছ বিধায়ক

author img

By

Published : Nov 7, 2020, 10:47 PM IST

তুলসীবিলত সংঘটিত মৰ্মান্তিক আত্মহত্যাৰ ঘটনাৰ বুজ লয় কংগ্ৰেছৰ দুই বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু কমলাক্ষ দে পুৰোকায়স্থই ৷ ঘটনাস্থলীত উপস্থিত হৈ মৃতকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিধায়কদ্বয়ে ৷

Two congress mla visits tulshibil suicide family
তুলসীবিলৰ আত্মহত্যাৰ বাসগৃহত উপস্থিত দুই কংগ্ৰেছ বিধায়ক

কোকৰাঝাৰ,7 নৱেম্বৰ : কোকৰাঝাৰ তুলসীবিলত সংঘটিত ক্ষুদ্ৰ ব্যৱসায়ী নিৰ্মল পাল আৰু তেওঁৰ পৰিয়ালৰ মৰ্মান্তিক আত্মহত্যাৰ ঘটনাৰ বুজ লয় কংগ্ৰেছৰ দুই বিধায়ক ক্ৰমে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰোকায়স্থই ৷

শনিবাৰে বিধায়কদ্বয়ে গুৱাহাটীৰ পৰা কোকৰাঝাৰৰ তুলসীবিল বজাৰত সংঘটিত ঘটনাস্থলীত উপস্থিত হৈ মৃতকসকলক শ্ৰদ্ধাঞ্জলি দি তেওঁলোকৰ আত্মাৰ চিৰশান্তি কামনা কৰে ৷

ইয়াৰোপৰি,বিধায়কদ্বয়ে বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে,‘‘সাত দিন উকলি যোৱাৰ পাচতো ৰাজ্যৰ বিজেপি চৰকাৰৰ তথা দলৰ কোনো প্ৰতিনিধিয়ে তুলসীবিলত উপস্থিত নোহোৱাটো অতি দুৰ্ভাগ্যজনক’’ ৷

ঘটনাৰ আঁৰত ৰহস্য থকাৰ কথাও উল্লেখ কৰে দুই কংগ্ৰেছ বিধায়কে ৷

লগতে পঢ়ক : মাছখোৱাৰ অবৈধ ফটকাৰ গুদাম ছীল জিলা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.