কোকৰাঝাৰ, 31 ডিচেম্বৰ: ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল (টিটিএএডিচি)ৰ নিৰ্বাচন ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব বুলি চৰ্চা চলি থকাৰ মাজতে নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক প্ৰস্তুতি আৰু ব্যস্ততা পৰিলক্ষিত হৈছে ৷ ৰাজ্য চৰকাৰৰ এক সূত্ৰৰ পৰা জানিবলৈ পোৱা মতে জানুৱাৰী মাহৰ নিৰ্ধাৰিত নিৰ্বাচনৰ ঘোষণাৰ পাছতে ফেব্ৰুৱাৰী মাহত টিটিএএডিচি ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷
আগন্তুক নিৰ্বাচন সম্বন্ধীয় প্ৰস্তুতি সন্দৰ্ভত মন্তব্য প্ৰদান কৰি বিজেপি জনজাতি মৰ্চাৰ মুৰব্বী আৰু পূৱ-ত্ৰিপুৰা সমষ্টিৰ বৰ্তমানৰ সাংসদ ৰেৱতী ত্ৰিপুৰাই কয় যে ত্ৰিপুৰাৰ বিজেপী কৰ্মী সকলে বিজেপি দলৰ জ্যেষ্ঠ তথা শীৰ্ষ নেতা সকল আহি নিৰ্বাচনী ৰণকৌশল আলোচনা কৰাটো বিচাৰে ৷ ৰেৱতী ত্ৰিপুৰাই কয়, "আমি বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক বিনোদ সোণকৰৰ লগতে দলৰ জ্যেষ্ঠ নেতাসকল নতুন বছৰৰ আৰম্ভণীতে ত্ৰিপুৰালৈ আহি বিজেপি কৰ্মী সকলৰ সৈতে নিৰ্বাচনী ৰণকৌশল সন্দৰ্ভত আলোচনা কৰিবহি বুলি আশা ৰাখিছো ৷ ইয়াৰ উপৰিও ৰাজ্য খনত যাতে দলৰ স্থিতি সবল থাকে সেই উদ্দেশ্যে মৰ্চাৰ মুৰব্বী সকল নিৰ্ধাৰিত সূচী অনুসৰি এজন এজনকৈ আহি পৰিদৰ্শন কৰিব ৷" সাংসদ গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে জ্যেষ্ঠ নেতা সকলৰ এটা দল ত্ৰিপুৰালৈ অহাৰ সম্ভাৱনা আছে আৰু এই সকলোবোৰ কাৰ্যসূচী জানুৱাৰী মাহত অনুষ্ঠিত হ'ব ৷
বিজেপি জনজাতি মৰ্চাৰ এক সূত্ৰই কয় যে নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দিতা কৰিব পাৰিব বুলি দল সম্পূৰ্ণ আত্মবিশ্বাসী যিহেতু নিৰ্বাচনত অকলে থিয় দিলে দলৰ শক্তি আৰু অধিক শক্তিশালী হ'ব ৷ তেওঁ কয় যে লোকসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দিতা কৰি আইপিএফটিয়ে আমাক এক প্ৰত্যাহ্বান দিছিল আৰু সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি আমি প্ৰমাণ কৰিছো যে চাৰিকোণীয়া নিৰ্বাচনত তেওঁলোক চতূৰ্থটো দল ৷
জানিব পৰা মতে এইবাৰ বিজেপি দলে দহখনতকৈ বেছি আসন এৰি দিয়াৰ কথা চিন্তা কৰা নাই আৰু যিহেতু বহুকেইটা অঞ্চলত আইপিএফটিয়ে শক্তিশালী স্থিতি ধৰি ৰাখিবলৈ সক্ষম হোৱা নাই সেয়ে বিজেপিয়ে আশা ৰাখিছে যে সেই সমূহ অঞ্চলৰ ৰাইজে এইবাৰ পদুম ফুলত বিশ্বাস ৰাখি বিজেপিক নিৰ্বাচন কৰিব ৷
প্ৰদ্যুৎ কিশোৰৰ বিজেপিৰ সৈতে ঘনিষ্ঠতাক লৈ ৰাজনৈতিক মহলত চলি থকা সমগ্ৰ চৰ্চাক নস্যাৎ কৰি সূত্ৰই লগতে কয় যে আইপিএফটি আৰু আইএনপিটি-টিআইপিআৰএ ৰ সৈতে মিত্ৰতা কৰাক লৈ বিভিন্ন জনৰ পৰা প্ৰস্তাৱ আহিছে কিন্তু বিজেপিয়ে নাভাৱে যে দলক আইপিএফটি আৰু আইএনপিটি-টিআইপিআৰএ ৰ দৰে দলৰ সমৰ্থনৰ প্ৰয়োজন আছে ৷