কোকৰাঝাৰ, 23 জুনঃ কোকৰাঝাৰ ময়নাগুৰীত সদৌ অসম বাঙালী যুব ছাত্ৰ ফেডাৰেশ্বনৰ ময়নাগুৰী আঞ্চলীক সমিতিৰ বীৰ শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
ভাৰত-চীন সীমান্তৰ গালৱান উপত্যকাত সংঘটিত চীনা সেনাৰ বৰ্বৰ আক্ৰমণত দেশমাতৃৰ হকে শ্বহীদ হোৱা ভাৰতৰ ২০ গৰাকীকৈ ভাৰতীয় সেনাই ৷ বীৰ শ্বহীদ সকললৈ সোমবাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ কোকৰাঝাৰ জিলাৰ ময়নাগুৰী আঞ্চলীক সমিতিয়ে ৷ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ বিভিন্ন বিষয়-ববীয়াৰ উপস্থিতিত ময়নাগুৰীত সোমবাৰে সন্ধিয়া আয়োজিত এই অনুষ্ঠানত বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ বিভিন্ন বিষয়-ববীয়াই ভাৰতীয় বীৰ শ্বহীদ জোৱানসকলৰ আত্মাৰ চিৰশান্তি কামনাৰে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি ১ মিনিট সময় মৌনপ্ৰাৰ্থনা অৱলম্বন কৰে ৷
উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ কেন্দ্ৰীয় সভাপতি ৰাজীৱ সৰকাৰ, জিলা সভাপতি কনক দে’, জিলা সম্পাদক সুভজিৎ দেবনাথ, জিলা শিক্ষা সম্পাদক মদন আচাৰ্য, ময়নাগুড়ী আঞ্চলিক সমিতিৰ সভাপতি ৰাজু দত্ত, সম্পাদক উৎপল সৰকাৰ, কাৰ্যকৰী সভাপতি মনোজ দে’কে আদি কৰি জিলা উপদেষ্টা বাদল দে’ আৰু ময়নাগুৰী আঞ্চলিক সমিতৰ সমুহ বিষয়ববীয়া ৷
লগতে পঢ়ক- 1962 চনৰ ভাৰত চীনা যুদ্ধৰ এক অৱলোকন...