ETV Bharat / state

Adivasi Sengel Abhiyan: কোকৰাঝাৰত আদিবাসী লোকৰ ৰে’ল অৱৰোধ; প্ৰতিবাদক বে-আইনী ঘোষণা প্ৰশাসনৰ - Rail Blockade in Kokrajhar

দেশৰ পাঁচ ৰাজ্য অসম, বিহাৰ, পশ্চিমবংগ, ঝাৰখণ্ড আৰু ওডিশাত আদিবাসী সংগঠনৰ ৰে’ল অৱৰোধ কাৰ্যসূচী ৷ আদিবাসীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে ছেঙ্গেল অভিযানৰ (Adivasi Sengel Abhiyan) দ্বাৰা গ্ৰহণ কৰা হয় এই কাৰ্যসূচী ৷ অসমৰ কোকৰাঝাৰ জিলাত ৰে’ল অৱৰোধৰ বাবে শনিবাৰে পুৱাৰে পৰা সমবেত সহস্ৰাধিক আদিবাসী পুৰুষ-মহিলা (Tribal Body Calls for Rail Blockade) ৷

Adivasi Sengel Abhiyan
কোকৰাঝাৰত আদিবাসী লোকৰ ৰে’ল অৱৰোধ; প্ৰতিবাদক বেআইনী ঘোষণা প্ৰশাসনৰ
author img

By

Published : Feb 11, 2023, 12:17 PM IST

Updated : Feb 11, 2023, 1:07 PM IST

কোকৰাঝাৰ, 11 ফেব্ৰুৱাৰী: কোকৰাঝাৰত আদিবাসী ছেঙ্গেল অভিযানৰ দ্বাৰা ৰে’লপথ অৱৰোধ কাৰ্যসূচী (Adivasi Sengel Abhiyan) ৷ আদিবাসীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত শনিবাৰে পুৱা ৰূপায়ণ কৰা হয় এই ৰে’ল অৱৰোধ কাৰ্যসূচী ৷ পৰিস্থিতি অৱনতি হোৱাৰ আশংকাত মোতায়েন বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান ৷ প্ৰতিবাদক বে-আইনী ঘোষণা প্ৰশাসনৰ (Protest in Kokrajhar) ৷

আদিবাসীসকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমাধান কৰাৰ দাবী দেশৰ পাঁচখন ৰাজ্যৰ সমান্তৰালভাৱে অসমতো ৰূপায়ণ কৰা হয় ৰে’ল অৱৰোধ কাৰ্যসূচী (Tribal Body Calls for Rail Blockade) ৷ বিহাৰ, পশ্চিমবংগ, ঝাৰখণ্ড, ওডিশা আৰু অসমত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী ৷ কোকৰাঝাৰ জিলাৰ ছালাকাটিত আদিবাসী ছেঙ্গেল অভিযানে ৰে'লপথ অৱৰোধ কৰিবলৈ চেষ্টা কৰে ৷ এই ৰে’ল অৱৰোধ কাৰ্যসূচীত অংশ গ্ৰহণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক আদিবাসী লোক উপস্থিত হয় ছালাকাটিত (Adivasi protest in five state) ৷

আদিবাসীসকলে উত্থাপন কৰা দাবীসমূহৰ ভিতৰত মাৰাংবুৰু(পাৰছনাথ)ক আদিবাসীসকলক ওভতাই দিয়া (Marang Buru Bachao Yatra) , আদিবাসীসকলৰ ‘ছাৰণা ধৰ্ম’ৰ (Jeherthan) ক’ড মৰ্যদা প্ৰদান কৰা, জনজাতিৰ মৰ্যাদা প্ৰদান কৰা ইত্যাদি অন্যতম ৷ কোকৰাঝাৰৰ ছালাকাটি ৰে’ল ষ্টেছনত আদিবাসী ছেঙ্গেল অভিযান ,অসম ৰাজ্যিক কমিটিৰ আহ্বানত ৰে'ল অৱৰোধ কাৰ্যসূচীৰ নেতৃত্ব দিয়ে আদিবাসী ছেঙ্গেল অভিযানৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি সোহন হেমব্ৰমে (Tribal organisation protest)৷

উল্লখ্য যে, ৰে’লপথ অৱৰোধ কৰিবলৈ চেষ্টা কৰা প্ৰতিবাদী ৰাইজক বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷ যিকোনো সময়তে পৰিস্থিতি অৱনতি ঘটাৰ আশংকাত মোতেয়ন কৰা হয় আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ শ শ জোৱান ৷ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে ৰে’ল ষ্টেচনলৈ যোৱাৰ প্ৰচেষ্টা চলায় যদিও বাধা দিয়ে আৰক্ষীয়ে (Rail Blockade in Kokrajhar) ৷ আনহাতে এই প্ৰতিবাদক বেআইনী বুলি ঘোষণা কৰে জিলা প্ৰশাসনে ৷

ইফালে, নিশাৰ পৰাই উজনি আৰু নামনি অসমৰ পৰা অহা শ শ আদিৱাসী পুৰুষ-মহিলা বৰঝাৰত সমৱেত হয় । বৰঝৰাত ৰে’ল অৱৰোধ কৰিব বিচৰা শ শ আদিবাসী প্ৰতিবাদী ৰাইজক আৰক্ষী, অৰ্ধ সামৰিক বাহিনীয়ে চৌদিশে ঘেৰি ৰাখে । অৱশেষত প্ৰশাসনৰ প্ৰচেষ্টাত দূপৰীয়াভাগত পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ভংগ কৰা হয় এই বিশাল প্ৰতিবাদ ৷

লগতে পঢ়ক: Assam Anti CAA Protest: আকৌ কাৰাগাৰালৈ যাবলৈ সাজু বিধায়ক অখিল গগৈ

Last Updated : Feb 11, 2023, 1:07 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.