ETV Bharat / state

Mass fishing in Ramfalbil : লঙা নৈত হেজাৰ হেজাৰ জনতাৰ সমূহীয়া মৎস্য চিকাৰ - মৎস্য চিকাৰ নিউজ

কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰীৰ ৰামফলবিলত সমূহীয়া মৎস্য চিকাৰ (Fish hunting in Kokrajhar) ৷ ৰামফলবিলৰ লঙা দেখিবলৈ পোৱা গ’ল নৈত মৎস্য চিকাৰৰ এক উথপথপ পৰিৱেশ ৷ মঙলবাৰে লঙা নৈৰ শ্লু’ইছ গেট খুলি দিয়াৰ লগে লগে নৈৰ একাঠু পানীত মৎস্য চিকাৰৰ বাবে নামিল হেজাৰ হেজাৰ জনতা ৷

Thousands of people fishing in Ramfalbil
লঙা নৈত সমূহীয়া মৎস্য চিকাৰ হেজাৰ হেজাৰ জনতাৰ
author img

By

Published : Nov 1, 2022, 1:09 PM IST

Updated : Nov 1, 2022, 2:29 PM IST

কোকৰাঝাৰ, ১ নৱেম্বৰ: শৰতৰ সময়ছোৱাত শুকাবলৈ আৰম্ভ কৰিছে নৈ, জান, বিল,পানীৰে পৰিপূৰ্ণ জলাশয়সমূহ । পানী শুকোৱাৰ লগে লগে মানুহৰ মাজত মাছ ধৰাৰ হাবিয়াসো বাঢ়িব ধৰা পৰিলক্ষিত হৈছে ৷ বিভিন্ন নৈ, বিল আদিত দলে-বলে দলে মানুহ ওলাই আহি সমূহীয়াভাৱে মাছ ধৰা পৰিলক্ষিত হৈছে ৷ এক আনন্দ-উল্লাহৰ মাজতে নৈত নামি মাছ ধৰাত ব্যস্ত হৈ পৰিছে একাংশ লোক । অন্যান্য প্ৰান্তৰ দৰে ব্যতিক্ৰম নহয় কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰীৰ ৰামফলবিল (Fish hunting in Kokrajhar) ৷

ৰামফলবিলৰ লঙা নৈত পুৱাৰে পৰা বিৰাজ কৰিছে এক উৎসৱ মুখৰ পৰিৱেশ ৷ নৈত দেখিবলৈ পোৱা গ’ল মৎস্য চিকাৰৰ এক উথপথপ পৰিৱেশ ৷ মঙলবাৰে লঙা নৈৰ শ্লু’ইছ গেট খুলি দিয়াৰ লগে লগে নৈ’ৰ একাঠু পানীত নামিল হেজাৰ হেজাৰ জনতা ৷ লঙা নৈত যেন মৎস্য চিকাৰৰ অপূৰ্ব নান্দনিক দৃশ্য ৷

লঙা নৈত সমূহীয়া মৎস্য চিকাৰ হেজাৰ হেজাৰ জনতাৰ

মঙলবাৰে পুৱতি নিশাৰে পৰা মৎস্য চিকাৰৰ বাবে হেজাৰ হেজাৰ লোকৰ সমাগম ছেৰফাংগুৰীৰ লঙা নৈৰ বুকুত ৷ কি ডেকা, কি গাভৰু, শহুৰ শাহু আৰু বোৱাৰী সকলোৱে একেলগে নামিল মাছ ধৰাত ৷ লঙা নৈত কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰী, গোসাইগাঁও, কাৰিগাঁও, ফকিৰাগ্ৰামৰ উপৰিও চিৰাং আৰু বঙাইগাঁও জিলাৰ পৰাও হেজাৰ হেজাৰ লোকে আহি মৎস্য চিকাৰত অংশ লোৱা পৰিলক্ষিত হৈছে (Thousands of people fishing in Ramfalbil) ৷

কোনোবাই হাতত জাল, আন কোনোবাই জাকৈ খালৈ ,পল লৈ মাছ ধৰিবলৈ নামিল লঙা নৈ’ৰ বকুত ৷ মৎস্য চিকাৰত ভাগৰি পৰা নাই জনতা ৷ মৎস্য চিকাৰত বহুতে পুঠি, খলিকনা, গৰৈ, শিঙি, মাগুৰ আজি মাছ লৈ সান্তনা লাভ কৰাৰ বিপৰীতে আন কাৰোবাৰ হাতত পৰিছে প্ৰকাণ্ড ভকূৱা, ৰৌ, কাতল মাছ ৷ ইয়াকে লৈ আনন্দত মতলিয়া হৈছে সকলো (Traditional mass fishing in Longa River) ৷

ইপিনে মৎস্য চিকাৰৰ বাবে হেজাৰ হেজাৰ লোক একত্ৰিত হোৱাক কেন্দ্ৰ কৰি লঙা নৈৰ দুয়ো পাৰতে বহুতে আকৌ ৰুটি, পুৰি, চবজি আৰু আন কোনোৱে বিক্ৰি কৰিছে টেকলি পিঠা আৰু ৰঙা চাহ ৷ মুঠৰ ওপৰত গাঁৱলীয়া জীৱনৰ এখন সুন্দৰ ছবি পৰিস্ফুত হৈছে ছেৰফাংগুৰীৰ ৰামফলবিলত ।

লগতে পঢ়ক: Fish hunting in Kokrajhar : কোকৰাঝাৰৰ ঐতিহাসিক তাৰং বিলত সমূহীয়া মৎস্য চিকাৰ

Last Updated : Nov 1, 2022, 2:29 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.