কোকৰাঝাৰ ২৯ মাৰ্চ : অহা 1 এপ্ৰিলত কোকৰাঝাৰত বিজেপি-ইউপিপিএল দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ইয়াকে লৈ কোকৰাঝাৰ চহৰৰ গ্ৰীণ খেলপথাৰত চলিছে ব্যাপক প্ৰস্তুতি ৷ প্ৰধানমন্ত্ৰীৰ আগমণক কেন্দ্ৰ কৰি তথা পৰিস্থিতিৰ বুজ ল'বলৈ সোমবাৰে বিয়লি কোকৰাঝাৰৰ গ্ৰীণ খেলপথাৰত উপস্থিত হয় অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷
আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ লগতে সভাস্থলীত উপস্থিত হয় বিটিআৰৰ আইজিপিৰ দায়িত্বত থকা বিশেষ ডিজিপি ড° এল আৰ বিষ্ণই, জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোশন ৷ ইয়াৰ পিছতে এক বৈঠকত মিলিত হয় আৰক্ষীৰ বিষয়া সকল ৷
বৈঠকৰ অন্তত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই সাংবাদ মাধ্যমৰ আগত নিৰ্বাচনক কেন্দ্ৰ কৰি যদি কোনোবাই অস্ত্ৰ ব্যৱহাৰ কৰি ভীতি প্ৰদৰ্শন বা পৰিস্থিতি অশান্তময় কৰিব বচাৰে তেন্তে সেইসকল লোকক ৰেহাই দিয়া নহ'ব বুলি সকিয়াই দিয়ে ৷ নিৰ্বাচনক লৈ বিটিআৰত নিৰাপত্তাৰ দিশটো কটকটীয়া কৰি তোলা হৈছে বুলি উল্লেখ কৰি আৰক্ষী সঞ্চালক গৰাকীয়ে কয়, বিটিআৰত ইতিমধ্যে ৮৭ টা কোম্পানী নিৰাপত্তাৰ বাবে মোতায়েন কৰা হৈছে ৷
ইয়াৰে ৪৬ টা চিআৰ পি এফ বাহিনী আছে ৷ বিটিআৰৰ চাৰিখন জিলাত সৰ্বমুঠ ৩,৫৮৪ টা ভোটগ্ৰহন কেন্দ্ৰ আছে ৷ ইয়াৰে ভিতৰত কোকৰাঝাৰ জিলাল ৯৮১ টা ভোট গ্ৰহণকেন্দ্ৰ আছে বুলি সদৰী কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ৷
লগতে পঢ়ক: আবিৰৰ ৰঙে সলনি কৰিলে ৰাজনীতিৰ ৰং