ETV Bharat / state

টিংপাতৰ কেলেংকাৰী : বিটিআৰত ৩ কোটি ৪৫ লাখ ৯৮ হেজাৰ ৯৬৭ টকা হজম কৰিলে কোনে ? - প্ৰাকৃতিক দুৰ্যোগ

আঁঠুৱাৰ পিছত এইবাৰ টিনপাত যোগানৰ নামত বিটিআৰত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ ৷ বিটিআৰৰ ভূমি, তথ্য আৰু জৰীপ বিভাগৰ সঞ্চালকৰে মিলি ঠিকাদাৰে বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ । কোকৰাঝাৰ সদৰ থানাত দাখিল এজাহাৰ(FIR Lodge in Kokrajhar police station) ৷ দোষীক কৰায়ত্ত কৰি আইনগত শাস্তি বিহাৰ দাবী বিপিএফ দলৰ ৷

Tinsheet scheme in BTR
Tinsheet scheme in BTR
author img

By

Published : Jun 19, 2022, 9:14 PM IST

কোকৰাঝাৰ, ১৯ জুন : এইবাৰ টিনপাত যোগানৰ নামত বিটিআৰৰ ভূমি, তথ্য আৰু জৰীপ বিভাগত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ ঠিকাদাৰে বিভাগীয় সঞ্চালকৰ সৈতে মিলি টিনপাত যোগান নিদিয়াকৈ ৩ কোটি ৪৫ লাখ ৯৮ হেজাৰ ৯৬৭ টকা আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ইতিমধ্যে এই সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত গোচৰ ৰুজু কৰাৰ কথাও জানিব পৰা হৈছে ৷

উক্ত এজাহাৰৰ ভিত্তিতে শনিবাৰে কোকৰাঝাৰ আৰক্ষীয়ে কণিষ্ক নাৰ্জাৰী নামৰ ঠিকাদাৰজনক সোধপোছৰ বাবে আটক কৰে ৷ জানিব পৰা মতে, মনঞ্জয় দৈমাৰী নামৰ এজন ব্যক্তিৰ এজাহাৰৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে ঠিকাদাৰ কণিষ্ক নাৰ্জাৰীক আটক কৰি সোধপোছ আৰম্ভ কৰে ৷ তদুপৰি উক্ত কেলেংকাৰীৰ সৈতে বিটিআৰৰ ভূমি, তথ্য আৰু জৰীপ বিভাগৰ সঞ্চালক ধীৰাজ চাও জড়িত থকা বুলিও এজাহাৰত উল্লেখ কৰিছে অভিযোগকাৰী মনঞ্জয় দৈমাৰীয়ে ৷

বিটিআৰ বিধান পৰিষদৰ বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰী

ৰিলিফৰ টিনপাত যোগানৰ বাবে বিটিআৰৰ ভূমি, তথ্য আৰু যোগান বিভাগে ফাইল নং BTC/DM/(R)- 12/2021/147 আৰু Ref-BTC /DLR /100/2021/153 মৰ্মে ৩ কোটি ৪৫ লাখ ৯৮ হেজাৰ ৯৬৭ টকাৰ পুঁজি ৬ জুনত মোকলাই দিছিল ৷ টিনপাত যোগানৰ নামত উক্ত বৃহৎ টকা মোকোলাই দিয়া হৈছিল যদিও টিনপাত কিন্তু যোগান ধৰা হোৱা নাছিল ।

আনহাতে পুঁজি আৱন্টনৰ পাছত ৮ জুনত টিনপাত যোগানৰ সমুদায় ধন ঠিকাদাৰ কণিষ্ক নাৰ্জাৰীৰ বেংক একাউন্টত ট্ৰেন্সফাৰ কৰা হৈছিল । ঠিকাদাৰে কোনো ধৰণৰ সামগ্ৰী যোগান নধৰি এক বৃহৎ বিত্তীয় কেলেংকাৰী সংঘটিত কৰি সমুদায় টকা আত্মসাৎ কৰাৰ সমগ্ৰ ঘটনাটো পোহৰলৈ অহাত মনঞ্জয় দৈমাৰীয়ে কোকৰাঝাৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে ৷ বিটিআৰৰ ভূমি, তথ্য আৰু জৰীপ বিভাগৰ সঞ্চালক ধীৰাজ চাওৱে উক্ত দুৰ্নীতিৰ ফাইল গাপ দি ৰাখিছে বুলিও এজাহাৰত উল্লেখ কৰিছে অভিযোগকাৰীয়ে ৷

আনহাতে ঘটনা সংক্ৰান্তত সোধপোছ কৰাৰ অন্তত আৰক্ষীয়ে ঠিকাদাৰ কণিষ্ক নাৰ্জাৰীক শনিবাৰে নিশাৰ ভাগতেই চৰ্ত সাপেক্ষে মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে ।

ইপিনে উক্ত কেলেংকাৰীৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিপিএফ দলে ৷ শনিবাৰে নিশাই এক সংবাদমেল সম্বোধন কৰি বিটিআৰ বিধান পৰিষদৰ বিৰোধী দলপতি তথা বিপিএফৰ পাৰিষদ দেৰহাছাৎ বসুমতাৰীয়ে উক্ত কেলেংকাৰীক বৃহৎ কেলেংকাৰী বুলি মন্তব্য কৰে ৷ তেওঁ লগতে উক্ত কেলেংকাৰীৰ তদন্ত মৰ্মে দোষীক কৰায়ত্ত কৰি আইনগত শাস্তি বিহাৰ বাবে জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক দাবী কৰে ।

প্ৰাকৃতিক দুৰ্যোগ(Natural Disasters In Assam)ত আক্ৰান্ত হোৱা দৰিদ্ৰ ৰাইজক টিনপাত যোগান ধৰা সলনি সেয়া সমূলঞ্চে আত্মসাৎ কৰা কাৰ্য ভীষণ অন্যায় বুলি মন্তব্য কৰি বিটিআৰৰ বিৰোধী দলপতি তথা বিপিএফৰ পাৰিষদ দেৰহাছাৎ বসুমতাৰীয়ে ৷

লগতে পঢ়ক: গোৱালপাৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.